ইণ্ডিয়া ক্লাবত পুত্ৰ গৌৰৱক কাষত বহুৱাই বিজেপিক তুলাধুনা তৰুণ গগৈৰ

প্ৰতিকী ফটো,উৎস ইন্টাৰনেট,
প্ৰতিকী ফটো,উৎস ইন্টাৰনেট

ড়িজিটেল ডেস্কঃ ইণ্ডিয়া ক্লাৱত পুত্ৰক কাষত বহুৱাই শনিবাৰে সংবাদ মেল অনুষ্ঠিত কৰিলে প্ৰাক্তন মুখ্যমন্ত্ৰী তৰুণ গগৈয়ে৷ সংবাদমেল সম্বোধন কৰিয়ে স্বাভাৱসুলভ ভংগীমাৰে বিজেপি নেতৃত্বাধীন কেন্দ্ৰ-ৰাজ্য চৰকাৰৰ বিৰুদ্ধে খোচ্ছাৰ হৈ পৰে গগৈ৷ এই চৰকাৰ সকলো দিশতে ফেইল বুলি কয় গগৈয়ে৷

কৃষি খণ্ডৰ পৰা আৰম্ভ কৰি উদ্যান শস্যলৈকে সকলোতে বিজেপি নেতৃত্বাধীন চৰকাৰ বিফল বুলিও কয় গগৈয়ে৷ আমিও পলিটক্স কৰো কিন্তু এনে পলিটক্স নকৰো যাৰ পৰা মানুহৰ ক্ষতি হয়৷ তেওলোকে চাকৰি দিম বুলি কৈ দিব নোৱাৰিলে৷ আমি ইঞ্জিনিয়াৰ কলেজ বনালো৷

তেওলোকে কি কৰিলে বুলি কেন্দ্ৰ ৰাজ্য চৰকাৰক উভতি ধৰে তৰুণ গগৈয়ে৷ আমি দুখীয়া মানুহৰ বাবে কাম কৰিছিলো৷ এওলোকে দুথীয়া মানুহক মাৰিলে৷ ৱাৰ্ল্ডত আমাৰ দেশ পিছুৱাই গলো৷ why india come down বুলি প্ৰশ্ন উত্থাপন কৰে প্ৰাক্তন মুখ্যমন্ত্ৰী গগৈয়ে৷ প্ৰদেশ কংগ্ৰেছৰ সভাপতি ৰিপুণ বৰা উপস্থিত থকা সংবাদ মেলত নৰ্থ ইষ্ট কংগ্ৰেছৰ সমন্বয়ক হিচাপে গৌৰৱ গগৈৰ নাম প্ৰকাশ কৰা হয়৷ এই সন্দৰ্ভত গঠন কৰা সমিতিৰ অধ্যক্ষ শশী থাৰুৰ বুলি প্ৰকাশ কৰে কংগ্ৰেছ নেতৃত্বই৷ সংবাদমেলত গৈৰৱ গগৈয়ে উত্তৰ পুৰ্বাঞ্চলত কংগ্ৰেছ শক্তিশালি হ’ব ধৰিছে নেতা-কৰ্মী সক্ৰিয় হৈ পৰা বুলি কয়৷