অসমৰ পৰা চুৰি হোৱা গাড়ী সুলভ মূল্যত বিক্ৰী হয় ডিমাপুৰত, পুনৰ উদ্ধাৰ টাটা চুম’

newsnextone.com | বোকাজানঃ অসমৰ পৰা চুৰি হোৱা গাড়ী সুলভ মূল্যত বিক্ৰী হয় চুবুৰীয়া ৰাজ্য নাগালেণ্ডৰ ডিমাপুৰত৷ আন্তঃৰাষ্ট্ৰীয় চুৰি চক্ৰই অসমৰ বিভিন্ন জিলাৰ পৰা গাড়ী চুৰি কৰি নি ডিমাপুৰত বিক্ৰি কৰি ৰমৰমীয়া ব্যৱসায় চলাই গৈছে৷

যাৰ বাবে ৰাজ্যত আজিও সক্ৰিয় হৈ আছে গাড়ীচুৰি চক্ৰ৷ তাৰ মাজতে বোকাজানত সোমবাৰে ডিমাপুৰলৈ বিক্ৰী কৰিব নিয়া এখন টাটা চুম’ উদ্ধাৰ কৰিবলৈ সক্ষম হয় অসম আৰক্ষী৷

বৃহৎ গাড়ী চুৰি চক্ৰই ৰাজ্যৰ বিভিন্ন স্থানৰ পৰা চাৰিচকীয়া আৰু দুচকীয়া বাহন সমূহ চুৰি কৰি পাহাৰীয়া জিলা কাৰ্বি আংলঙলৈ নিয়ে৷ তাৰ পৰা সীমামূৰীয়া ৰাজ্য নাগালেণ্ডৰ ডিপাপুৰত থকা চুৰি গড়ী কিনা ঘাটিত সূলভ মূল্যত গাড়ীসমূহ বিক্ৰী হয়৷

সোমবাৰে অসম-নগালেণ্ড সীমান্তৰ খটখটি আৰক্ষীয়ে অভিযান চলাই চুৰি গাডী খন জানত পেলাই যদিও চোৰ কেইজন পলাই সাৰে৷ গুৱাহাটীৰ পৰা চুৰি কৰি নিয়া এএছ-০১-বিজি-৩৮৪১ নম্বৰৰ চুম’ খন চুৰি কৰি আনি থকাৰ খবৰ লাভ কৰে খটখটি আৰক্ষীয়ে। আৰক্ষীৰ খবৰ লাভ কৰাৰ পিছতে দুৰ্গম স্থানত অভিযান আৰম্ভ কৰে৷ আৰ৭ীৰ অভিযানৰ কথা অৱগত হৈ অৱশেষত গাড়ী এৰি পলায়ন কৰে চোৰৰ দলে। ডিমাপুৰলৈ বিক্ৰীৰ বাবে নি থকা হৈছিল গাড়ীখন। চোৰকেইটাৰ সন্ধানত খটখটি আৰক্ষীয়ে অভিযান অব্যাহত ৰাখিছে।