ভোটগণনাৰ সময়ত হ’ব পাৰে ভয়াবহ আক্ৰমণ... সতৰ্ক নিৰাপত্তা সংস্থা

গুৱাহাটীঃ লোকসভাৰ নিৰ্বাচনৰ ভোটগণনা আলম লৈ দুষ্কৃতিকাৰীয়ে দেশত আজিৰ দিনটোত সংঘটিত কৰিব পাৰে ভয়াৱহ আক্ৰমণ। এই আশংকা প্ৰকাশ কৰি কেন্দ্ৰীয় গৃহ মন্ত্ৰণালয়ে দেশৰ প্ৰতিখন ৰাজ্যেৰ মুখ্যসচিব আৰু আৰক্ষীৰ সঞ্চালক প্ৰধানক হতৰ্কবাণী প্ৰেৰণ কৰিছে। 

ভোটগণনা দিনটোত যাতে কোনো অপ্ৰীতিকৰ আইন-শৃংখলা পৰিস্থিতি সৃষ্টি নহয় তাৰ বাবে সতৰ্ক হৈ থাকিবলৈ নিৰ্দেশ প্ৰদান কৰিছে।

উল্লেখ যে দেশৰ সপ্তদশ লোকসভাৰ নিৰ্বাচনৰ ৭টা পৰ্যায়ত অনুষ্ঠিত হোৱা ভোটগ্ৰহণৰ আজি গণনা কৰি ফলাফল ঘোষিত হ’ব।