কোকৰাঝাৰত বিশ্ব যক্ষ্মা দিৱস পালন, ‘যক্ষ্মা মুক্ত বিশ্বৰ বাবে এজন নেতাৰ প্ৰয়োজন’

কোকৰাঝাৰঃ ৰাজ্যৰ বিভিন্ন প্ৰান্তৰ লগতে শনিবাৰে কোকৰাঝাৰতো বিশ্ব যক্ষ্মা দিৱস উদযাপন কৰা হয়। জিলা যক্ষ্মা নিৰ্মূল কেন্দ্ৰৰ উদ্যোগত দিনজোৰা কাৰ্যসূচীৰে উদযাপন কৰা বিশ্ব যক্ষ্মা দিৱসৰ কাৰ্যসূচীত অংশগ্ৰহণ কৰি বনমন্ত্ৰী প্ৰমীলা ৰাণী ব্ৰহ্মই যক্ষ্মামুক্ত আৰু প্ৰদুষণমুক্ত সমাজ গঢ়াৰ বাবে অাহ্বান জনায়। 

 

কোকৰাঝাৰ আৰএনবি চিকিৎসালয়ৰ প্ৰেক্ষাগৃহত যক্ষ্মা দিৱসৰ সজাগতা সভাত মন্ত্ৰী প্ৰমিলাৰাণী ব্ৰহ্মই অংশগ্ৰহণ কৰি যক্ষ্মাৰোগীৰ প্ৰতিৰোধ ক্ষমতা বৃদ্ধিৰ বাবে ৰোগীক ভিটামিনযুক্ত আহাৰ যোগানৰ প্ৰয়োজনীয়তাৰ কথা উল্লেখ কৰি কোকৰাঝাৰ জিলা যক্ষ্মামুক্ত কৰিবলৈ আহ্বান জনায়। 

ইপিনে বিশ্ব যক্ষ্মা দিৱস উপলক্ষে "যক্ষ্মা মুক্ত বিশ্বৰ বাবে এজন নেতাৰ প্ৰয়োজন" শ্ল’গানেৰে কোকৰাঝাৰ আৰ এন বি অসামৰিক চিকিৎসালয় চৌহদৰ পৰা সজাগতামুলক শোভাযাত্ৰা উলিয়াই সজাগতা সৃষ্টিৰ প্ৰয়াস কৰে। কোকৰাঝাৰ পশ্চিম সমষ্টিৰ বিধায়ক ৰবিৰাম নাৰ্জাৰীয়ে পতাকা জোকাৰি শুভাৰম্ভ কৰা শোভাযাত্ৰাই কোকৰাঝাৰ সদৰ চহৰ পৰিভ্ৰমণ কৰে। 

 

সংবাদমাধ্যমৰ আগত বিধায়ক ৰবিৰাম নাৰ্জাৰীয়ে বিশ্বৰ তিনি ভাগৰ এক ভাগেই এই ৰোগত আক্ৰান্ত হৈছে আৰু দিনে দিনে আক্ৰান্তৰ সংখ্যা বৃদ্ধি পোৱা বুলি উল্লেখ কৰি খাদ্যভ্যাসত সচেতন হ’বলৈ আহ্বান জনায়। 

বিশ্ব যক্ষ্মা দিৱস উপলক্ষে কোকৰাঝাৰত অনুষ্ঠিত হোৱা কাৰ্যসূচীত গোসাঁইগাঁও সমষ্টিৰ বিধায়ক মাজেন্দ্ৰ নাৰ্জাৰী, বিটিচিৰ কাৰ্যবাহী সদস্য ৰাজীৱ ব্ৰহ্ম, জিলা উপায়ুক্ত নিৰঞ্জন বৰুৱা, কোকৰাঝাৰ আৰ এন বি চিকিৎসালয়ৰ অধীক্ষক এ শৰ্মা, চিকিৎসক কৌশিক দাস, বিটিচিৰ স্বাস্থ্য সঞ্চালক জে আহমেদৰ উপৰিও বহুসংখ্যক স্বাস্থ্যকৰ্মী উপস্থিত আছিল।