মঞ্চ অভিনেতা পৰাগ শৰ্মাৰ বিয়োগ

গুৱাহাটীঃ অভিনয়ৰ জৰিয়তে দৰ্শকক আমোদ দি দি অৱশেষত অকালতে জীৱনৰ নাট সামৰিলে অভিনেতা পৰাগ শৰ্মাই। অসমৰ ভ্ৰাম্যমাণ থিয়েটাৰৰ এগৰাকী বলিষ্ঠ অভিনেতাজনে মৃত্যুৰ সৈতে যুঁজি অৱশেষত হাৰ মানিলে। গুৱাহাটী নেমকেয়াৰ হাস্পতালত শুকুৰবাৰে পুৱতি নিশা ২.১০ বজাত তেওঁ শেষ নিশ্বাস ত্যাগ কৰে। 

জনপ্ৰিয় মঞ্চ অভিনেতাজনে দীৰ্ঘদিনৰপৰা জণ্ডিচ আৰু যকৃতৰ গুৰুতৰ ৰোগত আক্ৰান্ত হৈ চিকিৎসাধীন হৈ আছিল। বৃহস্পতিবাৰে হঠাৎ স্বাস্থ্যৰ অধিক অৱনতি ঘটাত তেওঁক ভৰ্তি কৰোৱা হৈছিল মহানগৰীৰ নেমকেয়াৰ হাস্পতালত। 

ইফালে শৰ্মাই মৃত্যুৰ বাতৰি বিয়পি পৰাৰ লগে লগে শোকত ম্ৰিয়মান হৈ পৰিছে ভ্ৰাম্যমান জগতখন। তেওঁৰ মৃত্যু অসমৰ ভ্ৰাম্যমাণ জগতৰ বাবে এক অপূৰণীয় ক্ষতি হৈ ৰ’ব।

এই দুখজনক বাতৰি পোৱাৰ লগে লগে নেমকেয়াৰ হাস্পতালত ৰাতিয়েই উপস্থিত হয় নাট্যকাৰ-পৰিচালক অভিজিৎ ভট্টাচাৰ্য, বৃন্দাবন থিয়েটাৰৰ প্ৰযোজক বংকিম ৰায় মেধি, নজৰুল হক, ৰফিজোল আলিৰ লগতে অসম চলচ্চিত্ৰ বিত্ত নিগমৰ অধ্যক্ষ যতীন বৰা।