HSLCত অনুত্তীৰ্ণৰ ১ জুলাইৰপৰা কম্পাৰ্টমেন্টেল পৰীক্ষা... অনলাইন আবেদন ১৭ মে'ৰপৰা

গুৱাহাটীঃ ৰাজ্যৰ হাইস্কুল শিক্ষান্ত পৰীক্ষাৰ ফলাফল ঘোষণাৰ কৰাৰ পাছতে ছেবাৰ মুখ্য কাৰ্যলয়ত ৰাজ্যৰ শিক্ষমন্ত্ৰী আৰু ছেবা কৰ্তৃপক্ষই এক সংবাদ মেল আযোজন কৰে।

সংবাদ মেলত ছেবা কৰ্তৃপক্ষৰ গুৰুত্বপূৰ্ণ ঘোষণা যে বুধবাৰে ঘোষণা কৰা হাইস্কুল শিক্ষান্ত পৰীক্ষাত অনুত্তীৰ্ণ ছাত্ৰ-ছাত্ৰীসকলৰ বাবে অহা ১ জুলাইৰপৰা অনুষ্ঠিত হ’ব কম্পাৰ্টমেন্টেল পৰীক্ষা। তাৰ বাবে ছাত্ৰ-ছাত্ৰীসকলে ১৭ মে'ৰপৰা অনলাইনৰ জৰিয়তে আবেদন কৰিব লাগিব। উল্লেখ কম্পাৰ্টমেণ্ট পৰীক্ষাৰ ৬ জুলাই অন্ত পৰিব। 

আনহাতে সংবাদ মেলখনত ৰাজ্যৰ শিক্ষমন্ত্ৰী সিদ্ধাৰ্থ ভট্টাচাৰ্যই কয় যে অসম মাধ্যমিক শিক্ষা সংসদে ফলাফল বিসংগতিশূন্যভাৱে ঘোষণা কৰিছে। পূৰ্বৰ তুলনাত এইবাৰ পৰীক্ষাত উত্তীৰ্ণৰ হাৰ বৃদ্ধি পাইছে বুলি আঙুলীয়াই দিয়ে।

একেদৰে স্থান প্ৰাপকৰ সংখ্যাও যোৱাবাৰৰ তুলনাত এইবাৰ ৯ গৰাকী বৃদ্ধি পাইছে। উল্লেখ যে যোৱাবাৰ প্ৰথম দহটা স্থানত আছিল ৩০ গৰাকীৰ ছাত্ৰ-ছাত্ৰী৷ এইবাৰ ইয়াৰ সংখ্যা ৩৯ গৰাকী। এইবাৰ পৰীক্ষাত সৰ্বমুঠ লেটাৰ পাইছে ১ লাখ ১৫ হাজাৰ ৬৪২ জনে। ইফালে এইবাৰ কোনো ছাত্ৰ-ছাত্ৰীকে গ্ৰেছমাৰ্ক দিয়া নাই বুলিও জানিবলৈ দিয়ে। 

নগাঁও জিলাৰপৰা মেট্ৰিক পৰীক্ষাত সৰ্বাধিক ২৩,৫৯৬ গৰাকীৰ ছাত্ৰ-ছাত্ৰী পৰীক্ষাত অৱত্তীৰ্ণ হৈছিল।আটাইতকৈ কম ছাত্ৰ-ছাত্ৰীৰ অৱত্তীৰ্ণ হৈছিল ডিমা-হাছাওৰপৰা। জিলাখনৰপৰা মুঠ ২,৬৯১ গৰাকীৰ ছাত্ৰ-ছাত্ৰী এইবাৰ পৰীক্ষা দিছিল।

ইফালে আজি ঘোষণা কৰা হাইমাদ্ৰাছ পৰীক্ষাৰ ফলাফলৰ সন্দৰ্ভতো শিক্ষামন্ত্ৰীগৰাকীয়ে কয় যে হাইমাদ্ৰাছ পৰীক্ষাত শীর্ষত আছে বাক্সা জিলা৷ আনহাতে শূন্য শতাংশ উত্তীৰ্ণৰে সৰ্বনিম্ন স্থানত আছে ওদালগুৰি জিলা। ২০৭৮ গৰাকীয়ে লেটাৰ মাৰ্ক লাভ কৰিছে৷ ষ্টাৰ মাৰ্ক লাভ কৰিছে ৯১ গৰাকী আৰু ডিষ্টংচন লাভ কৰিছে ২০ গৰাকী পৰীক্ষাৰ্থীয়ে।

সৰ্বাধিক ১৫৭৪ গৰাকী হাইমাদ্ৰাছ পৰীক্ষাৰ্থী অৱত্তীৰ্ণ হৈছিল ধুবুৰীৰপৰা। আনহাতে সৰ্বনিম্ন দুগৰাকী ছাত্ৰী ওদালগুৰি জিলাৰপৰা অৱত্তীৰ্ণ হৈছিল।

কোনো পৰীক্ষাৰ্থীয়ে যদি বহী পুনৰীক্ষণ কৰিব বিচাৰে তেন্তে তাৰ বাবে অনলাইনৰ জৰিয়তে আবেদন কৰিব পাৰিব। আবেদন কৰা ছাত্ৰ-ছাত্ৰীসকলক পুনৰীক্ষণ কৰিব বিচৰা বিষয়টোৰ উত্তৰ বহীৰ এটা ফটো ষ্টেট কপি যোগান ধৰা হ’ব বুলি ছেবা কৰ্তৃপক্ষই জানিবলৈ দিয়ে।

ফলাফল ঘোষণাৰ নিৰ্দিষ্ট সময়ৰ বহু পূৰ্বে ছ’চিয়েল মিডিয়াত ফলাফল ভাইৰেল কৰা ব্যক্তসকলৰ বিৰূদ্ধে কঠোৰ ব্যৱস্থা গ্ৰহণ কৰিব বুলি জানিবলৈ দিয়ে শিক্ষামন্ত্ৰী ভট্টাচাৰ্যই।

সংবাদ মেলখনত উপস্থিত থাকে শিক্ষা বিভাগৰ আয়ুক্ত-সচিব প্ৰীতম শইকীয়া আৰু ছেবাৰ সচিব আৰজি জৈন।