অসমৰ পাঁচ সমষ্টিত ৬৭.৪ শতাংশ ভোটদান

গুৱাহাটীঃ শান্তিপূৰ্ণভাৱে সামৰণি পৰিল দেশৰ প্ৰথম পৰ্যায়ৰ সপ্তদশ লোকসভা নিৰ্বাচনৰ ভোটগ্ৰহণ প্ৰক্ৰিয়া।

অসমৰ পাঁচ সমষ্টিত বিয়লি পাঁচ বজালৈকে ৬৭.৪ শতাংশ ভোটদান হোৱা বুলি জানিবলৈ দিছে ৰাজ্যিক নিৰ্বাচন আয়োগে। 

সেই অনুসৰি ডিব্ৰুগড় ৬৯ শতাংশ, যোৰহাটত ৭২ শতাংশ, কলিয়াবৰত ৬৪ শতাংশ, লখিমপুৰত ৬২ শতাংশ আৰু তেজপুৰত ৭০ শতাংশ ভোটদান হোৱা বুলি জানিবলৈ দিছে ৰাজ্যিক নিৰ্বাচন আয়োগে।