বিশেষ ৰাজ্যৰ দাবী, লোকসভাৰ অধ্যক্ষৰ কোঠাত ‘ধৰ্ণা’ টিডিপি সাংসদৰ, বিশ্ব মিত্ৰ হৈ আহিল শিৱসেনাই

ডিজিটেল ডেস্কঃ অন্ধ্ৰপ্ৰদেশৰ আঞ্চলিক দল তথা ৰাজ্যখনৰ শাসকীয় দল টিডিপিৰ সাংসদে বিশেষ ৰাজ্য প্ৰদানৰ দাবীত সংসদৰ ভিতৰে-বাহিৰে প্ৰতিবাদ অব্যাহত ৰাখিছে৷

বৃহস্পতিবাৰে সাংসদৰ তীব্ৰ হৈ-হাল্লা, প্ৰতিবাদৰ বাবে লোকসভাৰ অধ্যক্ষ সুমিত্ৰা মহাজনে দিনটোৰ বাবে সদন স্থগিত ৰাখে৷ 

কিন্তু দেশৰ আন আন প্ৰান্তৰ বিভিন্ন দলৰ সাংসদসকল সদনৰ পৰা ওলাই আহে যদিও টিডিপিৰ সাংসদসকলে লোকসভাৰ ভিতৰতে অনশনত বহে৷ নিশালৈকে প্ৰতিবাদ সাব্যস্ত কৰাত চিকিৎসা কৰিব লগা হয় সাংসদসকলৰ৷ 

লোকসভাৰ মাৰ্চেলে প্ৰথমে সাংসদসকলক বুজনি দি সদনৰ পৰা উলিয়াই নিয়াৰ চেষ্টা কৰে যদিও সাংসদসকলে কোনো কাৰণত ওলাই যাবলৈ ৰাজি নহয়৷ তাৰ পাছত মাৰ্চেলে দাং কোলাকৈ উলিয়াই আনিবলৈ বাধ্য হয় সাংসদসকলক৷

মাৰ্চেলে দাঙি উলিয়াই অনাৰ পিছতে এয়া অন্ধ্ৰপ্ৰদেশৰ লোকক কৰা অপমান বুলি কৈ প্ৰতিশ্ৰুতি পূৰণ কৰিবলৈ দাবী জনাই চৰকাৰক৷ বৃহস্পতিবাৰে পুৱাৰে পৰা লোকসভাৰ চেন্ট্ৰেল হ’ল অনশনত বহিছিল টিডিপিৰ সাংসদে৷ নিশা দুই টিডিপিৰ সাংসদ আনা কাপেল্লে আৰু এম শ্ৰীনিৱাস ৰাওক চিকিৎসালয়ত ভৰ্তি কৰিব লগা হয়৷

আনহাতে শুকুৰবাৰে পুৱাৰে পৰা পুনৰ সদনলৈ আহি প্ৰতিবাদত নামে টিডপিৰ সাংসদসকলে৷ লোকসভাৰ অধ্যক্ষ সুমিত্ৰা মহাজনৰ চেম্বাৰত কলা বেজ পৰিধান কৰি অনশন কৰে সাংসদসকলে৷ পুৱা টিডপিৰ সাংসদসকলে চেম্বাৰত প্ৰৱেশ কৰি মজিয়াত বহি-শুই অনশন কৰে৷ সেই সময়ত অধ্যক্ষ কোঠাত নাছিল৷

শুকুৰবাৰে পুৱাও বিৰোধীৰ হৈ-হাল্লাৰ বাবে সংসদৰ কাম কাজ অনিৰ্দিষ্ট কাললৈ স্থগিত ৰাখে৷ ১৬ মাৰ্চৰ পৰা ৰাজ্যসভা আৰু লোকসভাত বিৰোধীৰ তীব্ৰ হৈ-হাল্লাৰ বাবে প্ৰায়ে সদন স্থগিত ৰাখিব লগা হৈ আহিছে৷ 

১৬ মাৰ্চত মোডী চৰকাৰৰ বিৰুদ্ধে অবিশ্বাস প্ৰস্তাৱৰ আৱেদন কৰিছিল ৱাইএছআৰ কংগ্ৰেছে৷ টিডিপিয়ে অন্ধ্ৰ প্ৰদেশক বিশেষ মৰ্যদা প্ৰদান কৰাৰ দাবীত প্ৰতিবাদ অব্যাহত ৰাখিছে যদিও কেন্দ্ৰীয় চৰকাৰে প্ৰতিশ্ৰুতি দি প্ৰতিশ্ৰুতি ভংগ কৰাৰ অভিযোগ উত্থাপন কৰি আহিছে৷ 

যাৰ বাবে মোডী চৰকাৰ আৰু এনডিএৰ পৰা ওলাই আহে টিডিপি৷ ইমানে নহয় চৰকাৰৰ বিৰুদ্ধে অনাস্থা প্ৰস্তাৱ দাখিল কৰিছিল লোকসভাত৷ 

আনহাতে সংসদ ভৱনলৈ নিতৌ নতুন নতুন ৰূপ ধাৰণ কৰি সদনলৈ আহি প্ৰতিবাদ সাব্যস্ত কৰি আহিছে অন্ধ্ৰপ্ৰদেশৰ চিত্তুৰ সমষ্টিৰ টিডিপিৰ সাংসদ এন শিৱসেনাই৷ কোনোবা দিনা যদি তেওঁ ভগৱান কৃষ্ণ, কোনোবা হৰিশ্চন্দ্ৰ, কৃষ্ণ, পূজাৰী, বাঁহী বজাই কৌৰৱ-পাণ্ডৱ হৈ বিভিন্ন ৰূপ লৈছে ৰজা হৰিশ্চন্দ্ৰৰ৷ 

এদিন স্কুলীয়া ছাত্ৰৰ দৰে সাজপাৰ পিন্ধি, আনদিনা আকৌ মহিলা ৰূপত সংসদত উপস্থিত হয় সাংসদগৰাকী৷ প্ৰত্যেক দিনাই সাংসদগৰাকীয়ে নতুন চৰিত্ৰ একোটাৰ জৰিয়তে প্ৰতিবাদৰ প্ৰতীকি অৰ্থ বহন কৰি প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডী কেন্দ্ৰীয় চৰকাৰক বিৰোধীতা কৰি আহিছে সাংসদ এন শিৱসেনাই৷ 

বিশেষ ৰাজ্য প্ৰদান কৰাৰ দাবীত এই অভিনৱ প্ৰতিবাদ সাব্যস্ত কৰি আহিছে৷ শুকুৰবাৰে সাংসদগৰাকীয়ে বিশ্বমিত্ৰ হৈ সংসদত প্ৰৱেশ কৰি মোডীক আক্ৰমণৰ লক্ষ্য কৰি লয়৷