বিহালীত ক্ষুদ্ৰ চাহ খেতিয়কৰ সমস্যা সমাধানৰ বাবে তীব্ৰ আন্দোলনৰ পোষকতা

newsnextone.com | বিহালীঃ আজি ক্ষুদ্ৰ চাহ সুৰক্ষা সমিতিৰ উদ্যোগত ‘ক্ষুদ্ৰ চাহ খেতিয়কৰ স্থায়ী সমস্যা সম্ভব নে’ শীৰ্ষক এখন মত বিনিময় সভা বিহালীৰ বগীজুলীত অনুষ্ঠিত হয়৷ সভাত আদিবাসী ছাত্র সন্থাৰ জিলা সম্পাদক অজিত কুৰ্মী, ছাত্র মুক্তি সংগ্ৰাম সমিতিৰ নেতা তুলতুল দাস, অসম জাতীয়তাবাদী যুৱ ছাত্র পৰিষদৰ নেতা পুতুল দাস,  পুৱ বিহালী ছাত্র সন্থাৰ সম্পাদক ডিম্বেশ্বৰ বৰা, কৃষক মহাসভাৰ অনন্ত হাজৰিকা, বিপ্লৱী যুৱ সন্থাৰ ধনঞ্জয় দাস, অসম সংগ্ৰামী সংগ্ৰামী চাহ শ্ৰমিত সংঘৰ কৃষ্ণ পাইক আৰু চিপিআই(এমএল) নেতা তথা ক্ষুদ্ৰ চাহ সুৰক্ষা সমিতিৰ মুখ্য উপদেষ্টা বিবেক দাসকে ধৰি শতাধিক চাহ খেতিয়কে অংশগ্ৰহণ কৰে৷ 

সভাত কেঁচা চাহপাতৰ মূল্য ক্ৰমান্বয়ে নিম্নগামী হোৱা, টি ব’ৰ্ডে নিৰ্ধাৰণ কৰা নুন্যতম ভিত্তি মূল্য ফেক্টৰী সমুহে আদায় নিদিয়া, কোম্পানী আৰু বটলিফ ফেক্টৰীৰ মাজত কেঁচা চাহপাতৰ মূল্যৰ বৈষম্য আদি বিষয়ত সকলোৱে মত ডাঙি ধৰে৷ সভাত সকলোৱে একেমুখে ক্ষুদ্ৰ চাহ খেতিয়কৰ ওপৰত আহি পৰা এই সমস্যাৰ স্থায়ী সমাধানৰ ওপৰত গুৰুত্বপূৰ্ণ সিদ্ধান্ত গ্ৰহণ কৰে৷ 

তাৰ ভিতৰত বিশ্বনাথ জিলা মনিটৰিং সমিতি খনত ক্ষুদ্ৰ চাহ খেতিয়কৰ পৰা প্ৰকৃত প্ৰতিনিধি নাৰাখি কেৱল ফেক্টৰী মালিকক লৈ গঠন কৰা কাৰ্যত উদ্ৰেগ প্ৰকাশ কৰা হয় আৰু কেবিনেট মন্ত্রী গৰাকীৰ পৃষ্ঠপোষকতাত গঠিত এই ক্ষুদ্ৰ চাহ খেতিয়ক বিৰোধী সমিতি খনৰ বাবেই ক্ষুদ্ৰ চাহ খেতিয়কসকল ন্যায্য প্ৰাপ্য লাভ কৰাৰ পৰা বঞ্চিত হৈ আহিছে বুলি মত প্ৰকাশ কৰি এই সমিতিখন ভংগ কৰিবলৈ দাবী জনোৱাৰ লগতে সমিতি খনত ক্ষুদ্ৰ চাহ খেতিয়কৰ প্ৰকৃত প্ৰতিনিধি অন্তৰ্ভূক্ত কৰি সমিতিখন পুনৰ গঠন কৰিবলৈ দাবী জনোৱা হয়৷ 

আন এটা সিদ্ধান্ত যোগে টি ব’ৰ্ডে ঘোষণা কৰা নূন্যতম ভিত্তি মূল্য ফেক্টৰী সমুহে আদায় নিদিয়া কাৰ্যৰ বিৰুদ্ধে এক উচ্চস্তৰীয় তদন্ত দাবী কৰিবলৈ প্ৰস্তাৱ গ্ৰহণ কৰা হয়৷ সভাই ৩ হাজাৰ কৃষকক লৈ অহা মাহত গনস্বাক্ষৰ পত্রৰ জৰিয়তে এই চিণ্ডিকেটৰাজৰ তদন্ত কৰিবলৈ সিদ্ধান্ত লয় আৰু টি ব'ৰ্ডে ঘোষণা কৰা মুল্য খেতিয়ক সকলক বকেয়া হিচাপে আদায় দিবলৈ চৰকাৰৰ ওচৰত দাবী জনায়৷ 

আন এক প্ৰস্তাৱ যোগে ক্ষুদ্ৰ চাহ খেতিয়কৰ পৰা প্ৰতি কেজি কেঁচা চাহপাতৰ ১৫ পইচাকৈ চেচ সংগ্ৰহ কৰি থকা কাৰ্যত উদ্বেগ প্ৰকাশ কৰা হয় আৰু এই ঘটনাৰো তদন্ত দাবী কৰা হয়৷ উপস্থিত সকলো সংগঠনে ক্ষুদ্ৰ চাহ খেতিয়ক সুৰক্ষা সমিতিৰ নেতৃত্বত ক্ষুদ্ৰ চাহ খেতিয়কৰ সমস্যাৰ স্থায়ী সমাধানৰ বাবে এক শক্তিশালী আন্দোলন গঢ়ি তোলাৰ বাবে ঐক্যমত গঠন কৰে৷ সভাত সভাপতিত্ব কৰে ক্ষুদ্ৰ চাহ খেতিয়ক সুৰক্ষা সমিতিৰ সভাপতি গোপাল চেত্রীয়ে আৰু সভাৰ উদ্দেশ্য বাখ্যা কৰে সম্পাদক লক্ষীকান্ত কুৰ্মীয়ে৷