
চাবুৱাঃ মালিক শুই আছে, হাতে হাতে কোৰ লৈ বাগিচাৰ পথ, নলা পৰিস্কাৰ-মেৰামতি কৰিলে শ্ৰমিকে৷ হাতে হাতে কোৰ লৈ ওলাই আহিল চাহ বাগিচাৰ শ্ৰমিক৷ মালিকে কৰি দিয়াক অপেক্ষা নকৰি অৱশেষত শ্ৰমিকে শ্ৰমদানেৰে মেৰামতি কৰিলে পথ৷
চাবুৱাৰ মাউদ চাহ বাগিচাৰ শ্ৰমিকসকলে বুধবাৰে হাতে হাতে কোৰ লৈ আহে জৰাজীৰ্ণ পথ মেৰামতি কৰিবলৈ৷ বাগিচা কৰ্তৃপক্ষৰ বিৰুদ্ধে প্ৰতিবাদ কৰি অহা শ্ৰমিকসকলে বাগিচাখনৰ বাট পথ, নলা আদি পৰিস্কাৰ বাগিচা খন স্বচ্ছ কৰাত ব্যস্ত হৈ থকা দেখা গ’ল৷
বাগিচাখনৰ বৰলাইনত পানী ওলাই যোৱা নলা নিৰ্মাণ কৰাৰ লগতে জহি-খহি চিন-চাহ নোহোৱা হোৱা ৰাস্তা সমূহ চাহ শ্ৰমিক মুক্তি সংগ্ৰাম সমিতি, অসম টি-লেবাৰ ইউনিয়নৰ মাউদ উপ শাখা, পাখৰিজনীয়া যুৱক সংঘ, স্বেচ্ছাসেৱী অনুষ্ঠান গুনজৰ উদ্যোগত বহু শ্ৰমিকে বুধবাৰৰ পৰা বাগিচা খনৰ বাট-পথ, নলা সমূহ পৰিস্কাৰ কৰে৷ শ্ৰমিকসকলে শ্ৰেষ্ঠ শ্ৰমিক নিৰ্বাচন কৰি বিশেষ পুৰস্কাৰ দিয়াৰ কথাও ঘোষণা কৰে৷