
চাবুৱাঃ শ্ৰম কৰিব এৰি প্ৰতিবাদত নামিল চাহ বাগিচাৰ শ্ৰমিক৷ শ্ৰমিকক মালিক পক্ষ তথা চৰকাৰে কৰি অহা শোষণ, বঞ্চনাৰ বিৰুদ্ধে একত্ৰিত হ’ল চাবুৱাৰ মাউদ চাহ বাগিছাৰ শ্ৰমিক৷ কৃষক মুক্তি সংগ্ৰাম সমিতিৰ ভাতৃ সংগঠন চাহ শ্ৰমিক মুক্তি সংগ্ৰাম সমিতিৰ চাবুৱা আঞ্চলিক সমিতিয়ে মঙলবাৰে পুৱাৰে পৰা মাউদ চাহ বাগিচাৰ কাৰ্যালয়ৰ সন্মুখত পৰিচালকৰ বিৰুদ্ধে প্ৰতিবাদ সাব্যস্ত কৰে৷
শ-শ শ্ৰমিক প্ৰতিবাদকাৰীয়ে বাগিচা কৰ্তৃপক্ষৰ বিৰুদ্ধে বঞ্চনাৰ অভিযোগ উত্থাপন কৰি প্ৰতিবাদ সাব্যস্ত কৰে। চাহ শ্ৰমিক মুক্তি সংগ্ৰাম সমিতিৰ ডিব্ৰুগড় জিলাৰ সভাপতি দিপক কৰ্মকাৰে মাউদ চাহ বাগিচাখন এখন পুৰণি চাহ বাগিছা হোৱাৰ লগতে এখন জৈৱিক গুণ সম্পন্ন সুনাম থকা বাগিচা বুলি কয়। এখন জৈৱিক বাগান হোৱাৰ পাছতো শ্ৰমিকসকলে বছৰ বছৰ ধৰি নানান সমস্যা ভোগ কৰি আহিছে বুলি দুখ প্ৰকাশ কৰে৷
নিয়মীয়া চিকিৎসক অবিহনে শ্ৰমিকসকলে কেবাবছৰ ধৰি বাগিচাখন চলি থকা বুলি গুৰুতৰ অভিযোগ উত্থাপন কৰে কৰ্মকাৰে৷ এজন দক্ষ চিকিৎসক স্থায়ীভাৱে নিযুক্তি দিবলৈও নেতাজনে দাবী জনায়। বিদ্যুতৰ নামত বাগিচাখনৰ শ্ৰমিকসকলৰ পৰা মিটাৰ নোহোৱাকৈয়ে ১৫ দিনত ২০০ টকাকৈ সংগ্ৰহ কৰা বুলিও বাগিচা কৰ্তৃপক্ষৰ বিৰুদ্ধে অবিযোগ উত্থাপন কৰে শ্ৰমিক নেতা কৰ্মকাৰে।
অতিৰিক্ত বিলৰ হিচাব ৰাইজক দাখিল কৰাৰ ব্যৱস্থা গ্ৰহণ কৰাৰ লগতে বিদ্যুতৰ উপযুক্ত মাচুল শ্ৰমিকক নিজৰ নামত দিয়াৰ ব্যৱস্থা গ্ৰহণ কৰাৰ দাবী জনায়। প্ৰতিবাদস্থলিত কৃষক মুক্তি সংগ্ৰাম সমিতিৰ ডিব্ৰুগড় জিলা সমিতিৰনেতা দিম্ব ফুকনে বাগিচা খনৰ বহু শ্ৰমিক আজিও অস্থায়ী শ্ৰমিক হিচাপে কাম কৰি থাকিবলগীয়া হোৱা বুলি ক্ষোভ ব্যক্ত কৰে।
পুৱা ৮ বজাৰ পৰা ১১ বজালৈকে প্ৰখৰ ৰদত থিয় হৈ থকা প্ৰতিবাদকাৰীসকলক গুৰুত্ব নিদিয়াত এক হুলস্থুলীয়া পৰিবেশৰ সৃস্থি হয়। চাহ শ্ৰমিক সংগ্ৰাম সমিতিৰ ডিব্ৰুগড় জিলাৰ সম্পাদক বিজয় বাউৰীয়ে চাহ শ্ৰমিকসকলৰ মজুৰি বৃদ্ধি কৰা, শ্ৰমিকসকলক মাটিৰ পট্ৰা প্ৰদান কৰাৰ লগতে পানীতোলা-মাটিয়াখানা সংযোগী পথৰপৰা মাউদ পকা লাইন হৈ মাউদ তিনিয়ালিলৈ পথটো বহল কৰি নিৰ্মাণ কৰাৰ দাবী জনায়।
প্ৰায় ৪ ঘন্টা সময়ৰ অতিক্ৰম কৰাৰ পিছতো বাগিচা কৰ্তৃপক্ষই গুৰুত্ব আৰোপ নকৰাত এক হুলস্থুলীয়া পৰিবেশৰ সৃষ্টি হয় যদিও চাবুৱা ৰাজহ চক্ৰ বিষয়া উপস্থিত হোৱাত বাগিচা কৰ্তৃপক্ষ ৰাইজৰ ওচৰলৈ আহিবলৈ বাধ্য হয়।
প্ৰতিবাদকাৰীসকলৰ সৈতে ৰাজহ চক্ৰ বিষয়াই বহু সময় আলোচনাত মিলিত হৈ অহা ২৪ অক্টোবৰত চাবুৱা ৰাজহ চক্ৰ বিষয়াৰ কাৰ্যালয়ত শ্ৰম আয়ুক্ত, ডিব্ৰুগড় জিলাৰ অতিৰিক্ত উপায়ুক্ত, চাহ শ্ৰমিক মুক্তি সংগ্ৰাম সমিতি, কৃষক মুক্তি সংগ্ৰাম সমিতি আৰু ছাত্ৰ মুক্তি সংগ্ৰাম সমিতিৰ বিষয়-ববীয়াৰ সৈতে এখন বৈঠকত মিলিত হৈ দাবী সমূহ আলোচনা কৰাৰ প্ৰতিশ্ৰুতি দিয়ে৷