
বিহালীঃ চাহ শ্ৰমিকৰ হৈ সংগ্ৰাম কৰি অহা অসম সংগ্ৰামী চাহ শ্ৰমিক সংঘৰ বিশ্বনাথ চক্ৰৰ চতুৰ্থ বাৰ্ষিক অধিবেশন খন আজি দিনজোৰা কাৰ্যসূচীৰে অনুষ্ঠিত হৈ যায়৷ বিহালীৰ বৰগাংস্থিত বিষ্ণুৰাভা ৰংগমঞ্চৰ প্ৰাংগনত অনুষ্ঠিত অধিবেশনৰ পুৱা উদযাপন সমিতিৰ সভাপতি কমল প্ৰজাই পতাকা উত্তোলনেৰে কাৰ্যসুচীৰ শুভৰাম্ভ কৰে৷ তাৰ পাছতে কেইবাশতাধিক লোকৰ উপস্থিতিত এখন সভা অনুষ্ঠিত হয়৷ সভাত নৰোত্তম চূণ্ডীক সভাপতি, ৰঞ্জিত কৰ্মকাৰক উপ-সভাপতি, কৃষ্ণ পাইকক সম্পাদক, সাজেন খেৰোৱাক সহকাৰী সম্পাদক হিচাপে লৈ আগুন্তুক দুবছৰৰ বাবে এখন সমিতি গঠন কৰা হয়৷
অসম সংগ্ৰামী চাহ শ্ৰমিক সংঘই ৰাজ্য জুৰি পালন কৰা ধিক্কাৰ দিৱস এই অধিবেশনতে সংগঠনটোৱে পালন কৰে৷ ধিক্কাৰ দিৱসৰ সৈতে সংগতি ৰাখি সংগঠনটোয়ে এখন ৰাজহুৱা সভা অনুষ্ঠিত কৰে৷ সভাত শ্ৰমিক নেতা লক্ষীকান্ত কূৰ্মীয়ে জাতি-মাটি-ভেঁটিৰ কথা কৈ কৰি চৰকাৰ গঠন কৰা বিজেপি চৰকাৰে জাতী ধ্বংস কৰাৰ গভীৰ ষড়যন্ত্ৰ কৰা বুলি গুৰুতৰ অভিযোগ কৰে৷
বিজেপি চৰকাৰে চাহ শ্ৰমিক সকলৰ মৌলিক অধিকাৰ খৰ্ব কৰি চূড়ান্ত ভাৱে অন্যায় কৰা বুলি কৈ শ্ৰমিকৰ ন্যায়, প্ৰাপ্য অধিকাৰ, জীয়াই থকাৰ অধিকাৰ কাঢ়ি পেটে ভাতে মৰাৰ চক্ৰান্ত কৰা বুলি কয় শ্ৰমিক নেতা লক্ষীকান্তই৷ চৰকাৰে পূঁজিপতি কেম্পানীক আশীৰ্বাদ প্ৰদান কৰি আহিছে৷ খাটি খেৱা সকলৰ সা-সুবিধা প্ৰতিদিনে কৰ্তন কৰিছে বুলি শ্ৰমিক নেতা লক্ষীকান্তই ক্ষোভ উজাৰে৷
উদাহৰণ স্বৰূপে বৰগাঁও চাহ বাগিচাত কৰ্মৰত চাহ শ্ৰমিক সকলক প্ৰাপ্য সা-সুবিধাৰ পৰা বঞ্চিত কৰি বাগিচাৰ স্বেচ্ছাচাৰী মালিক পক্ষই ৩৩ দিনে অকাৰণতে অগনতান্ত্ৰিকভাৱে বাগিছা খন লক আউট কৰাৰ পাছতো চৰকাৰে একো পদক্ষেপ লোৱা নাই বুলি ক্ষোভিত হৈ পৰে শ্ৰমিক নেতাগৰাকীয়ে ৷ কিন্তু অদ্যাপি চৰকাৰ-প্ৰশাসনে শ্ৰমিকৰ অভাৱ, সমস্যাক গুৰুত্ব প্ৰদান কৰা নাই৷
যাৰ ফলত আজি আমাৰ আলাই আথানি নোহোৱা হৈছে বুলি কয়৷ ভাৰতীয় সংবিধানে প্ৰদান কৰা বাক স্বাধীনতা সম্পুৰ্ণৰূপে মানি দেশৰ স্বাধীনতা দিৱসৰ দিনা জাতীয় পতাকা উত্তোলন কৰি গনতান্ত্ৰিকভাৱে চাহ শ্ৰমিক সকলে কৰা প্ৰতিবাদক ৰাষ্ট্ৰদ্ৰোহ সজাই আৰক্ষীয়ে অপৰাধী সজাইছে৷ দৰাচলতে চাহ শ্ৰমিক সকলে যি আশাৰে প্ৰতিবাদ কৰিছিল সেই কথা প্ৰশাসন-চৰকাৰ বুজিবলৈ চেষ্টা নকৰিলে বুলি উল্লেখ কৰে শ্ৰমিক নেতাগৰাকীয়ে৷
বৰগাঁঙ চাহ বাগিচাৰ লক আউত প্ৰত্যাহাৰ কৰা, চাহ বাগিচা খনৰ মালিকক আটক কৰা, জাতীয় পতাকা অপমান কৰা বুলি তৰা গোচৰ প্ৰত্যাহাৰ কৰা, মন্ত্ৰী পল্লৱ লোচ দাসক পদত্যাগ কৰাৰ দাবী জনায় চাহ শ্ৰমিকসকলে৷ আনহাতে আজি গুৱাহাটী প্ৰেছ ক্লাৱত এখন নাগৰিক সবা অনুষ্ঠিত হয়৷ শ্ৰমিক সকলৰ মালিক তথা চৰকাৰে কৰা অন্যায়ৰ বিৰুদ্ধে অনুষ্ঠিত সভাত বিহালী অঞ্চলৰ সৰবৰহা নেতা পৰিমল গৌৰ উপস্থিত থাকি চৰকাৰক তীব্ৰ সমালোচনা কৰে৷