নগদ বিহীন লেন-দেন, চাহ শ্ৰমিকক মঞ্জুৰী পত্ৰ দিলে বিধায়ক উৎপল বৰাই

গহপুৰঃ চৰকাৰে চাহ বাগিচাৰ শ্ৰমিকসকলক অনলাইন ব্যৱস্থাৰে জৰিত কৰাৰ উদ্দেশ্যে প্ৰচেষ্টা চলাই থকা পৰিলক্ষিত হৈছে৷ নগদ বিহীন লেন-দেন কৰাৰ উদ্দেশ্যে শ্ৰমিকসকলক অনলাইন দৰমহা দিবৰ বাবে বেংক একাউন্ট খুলি দিয়া পৰিলক্ষিত হৈছে৷

বিশ্বনাথ জিলাৰ গহপুৰৰ নয়া ঘগৰা চাহ বাগিচাত মঙলবাৰে শ্ৰমিকসকলক বেংক ব্যৱস্থাৰে সংযুক্ত হোৱা শ্ৰমিকসকলৰ উপস্থিতিত এখন সজাগতা সভা অনুষ্ঠিত হয়। ৰাজ্য চৰকাৰৰ বিত্ত বিভাগে চৰকাৰৰ 'ধন পুৰস্কাৰ মেলা' আঁচনিৰ জৰিয়তে চাহ শ্ৰমিকসকলক পত্ৰ প্ৰদান কৰে গহপুৰ সমষ্টিৰ বিধায়ক উৎপল বৰাই।

সভাত 'ধন পুৰস্কাৰ মেলা' আঁচনিৰ জৰিয়তে বেংক একাউণ্ট খোলা চাহ শ্রমিকক মঞ্জুৰী পত্ৰ প্ৰদান কৰে। আঁচনিৰ জৰিয়তে চাহ শ্ৰমিকসকলৰ বেংক একাউণ্টত চৰকাৰৰ তৰফৰ পৰা ২৫০০ টকাৰ অনুদান প্ৰদান কৰা হ’ব বুলি জানিব পৰা গৈছে। সভাত বিধায়ক উৎপল বৰা, নয়া ঘগৰা চাহ বাগিচাৰ মুখ্য সঞ্চালক মৃদুল হাজৰিকা উপস্থিত থাকে।