
newsnextone.com | চাবুৱাঃ ৰাজ্যৰ বহু চাহ বাগিচাৰ শ্ৰমিকে সামন্যতম সুবিধা লাভ কৰাৰ পৰা বঞ্চিত হৈ আহিছে৷ বিদ্যুতৰ পোহৰ, উপযুক্ত মজুৰি, মাটিৰ পট্টা, সন্তানৰ শিক্ষাৰ ব্যৱস্থা, ৰেচন, বিশুদ্ধ খোৱাপনী, স্বাস্থ্য সেৱা আদিৰ পৰা ৰাজ্যৰ চাহ শ্ৰমিকসকল আজিও বঞ্চিত৷ বছৰ বছৰ ধৰি ৰাজকোষ টনকীয়াল কৰি আহিছে চাহ শ্ৰমিকসকলে৷ কিন্তু জীৱন ধাৰণৰ বাবে লাভ কৰিবলগীয়া সুবিধা আজিলৈ লাভ নকৰিলে ৰাজ্যৰ বহু চাহ বাগিচাৰ শ্ৰমিকে৷
ৰাজ্যৰ বিভিন্ন চাহ বাগিচাৰ লগতে উজনিৰ ঐতিহ্যমণ্ডিত দুলীয়াজান বিধানসভা সমষ্টিৰ ডিকম চাহ বাগিচাৰ অন্তৰ্গত উল্টন চাহ বাগিচাৰ শ-শ শ্ৰমিকে বছ বছৰ ধৰি বিভিন্ন সমস্যাৰ মাজত যুঁজ দি আহিছে৷ জীৱন ধাৰণৰ নামত সামন্য সুবিধা লাভ নকৰাৰ অভিযোগ উত্থাপন কৰি আহিছে৷ চাহ শ্ৰমিকসকলৰ লগতে কৃষক মুক্তিৰ বহু প্ৰতিবাদকাৰীয়ে বাগিচাখনৰ চাহ শ্ৰমিকসকলে বিভিন্ন সমস্যা সমাধানৰ দাবী জনাই আহিছে৷ বিশেষকৈ চাহ শ্ৰমিকসকলে বছৰ বছৰ ধৰি ঘৰ সাঁজি বসবাস কৰি থকা মাটিৰ পট্টা প্ৰদান নকৰাত সন্তানৰ ভৱিষ্যত অন্ধকাৰ দেখা বুলি কয়৷
পট্টা নথকাৰ ফলত বেংকৰ পৰা ঋণ নোপোৱাৰ লগতে কোনো লোকে জেলত থাকিলে জামিন লবলৈ জবানবন্দী উলিয়াব নোৱাৰাৰ ফলত বহু লোকে সাধাৰণ অভিযোগতে জামিন লাভ নকৰি জেলত থাকিব লগা হয় বুলি কয়৷ প্ৰতিখন চৰকাৰক শ্ৰমিকসকলে দখল কৰি থকা ভূমিৰ পট্টা দিবলৈ দাবী জনাই আহিছে শ্ৰমিকসকলে৷ কিন্তু দেশ স্বাধীন হোৱাৰ পিছৰে পৰা মাটিৰ পট্টা বিচাৰি আন্দোলন কৰি আহিছে যদিও কোনো চৰকাৰে গুৰুত্ব প্ৰদান নকৰিলে৷ চাহ শ্ৰমিকসকলে ২৮ মে’ত দুলীয়াজানৰ উল্টনৰ পৰা ৭ কিঃ মিঃ পথ সমদল কৰি ডিকমত উপস্থিত হৈ প্ৰতিবাদ সাব্যস্ত কৰে৷ ডিকম চাহ বাগিচাৰ মুখ্য কাৰ্যালয়ত উপস্থিত হৈ মাটিৰ পট্টাকে ধৰি বিভিন্ন সুবিধা দিয়াৰ দাবীত উত্তাল কৰে পৰিবেশ৷
চাহ শ্ৰমিক মুক্তি সংগ্ৰাম সমিতি আৰু কৃষক মুক্তি সংগ্ৰাম সমিতিৰ নেতৃত্বত আমাক বিদ্যুতৰ সংযোগ দিয়ক, আমাক আমাৰ মাটিৰ পট্টা লাগে বুলি শ্ল’গান দি শ-শ ছাত্ৰ-ছাত্ৰী, অভিভাৱকে উত্তাল কৰে ডিকম চাহ বাগিচাৰ কাৰ্যালয়। আমি মমলৈ কিতাপ পঢ়ো আমাক বিদ্যুৎ দিয়ক, আমাক মাটিৰ পট্টা লাগিবই, কৃষক মুক্তি জিন্দাবাদ, চাহ শ্ৰমিক মুক্তি সংগ্ৰাম সমিতি জিন্দাবাদ, শ্ৰমিকৰ ওপৰত শোষণ কৰা নচলিব, শ্ৰমিকৰ মজুৰি বৃদ্ধি কৰক আদি শ্ল’গানেৰে পৰিবেশ উত্তাল কৰি তোলে।
প্ৰতিবাদস্থলিত চাহ শ্ৰমিক মুক্তি সংগ্ৰাম সমিতিৰ কেন্দ্ৰীয় সভাপতি মুৰুলী তাঁতী, ডিব্ৰুগড় জিলাৰ সভাপতি দীপক কৰ্মকাৰ, কৃষক মুক্তি সংগ্ৰাম সমিতিৰ ডিব্ৰুগড় জিলা সমিতিৰ যুটীয়া সভাপতি দ্বিবন ফুকন, ইন্দ্ৰ গগৈ যুটীয়া সম্পাদক চচী শেনচোৱা, হেমন্ত কোঁৱৰ আৰু সহঃ সম্পাদক বুধকন বৰুৱা উপস্থিত থাকে। প্ৰতিবাদস্থলিত চাহ শ্ৰমিক মুক্তি সংগ্ৰাম সমিতিৰ ডিব্ৰুগড় জিলা সভাপতি দীপক কৰ্মকাৰে কয় যে ডিকম চাহ বাগিচাত কৰ্মৰত উইল্টন ২২/২৫৭ ঐ, আৰু উইল্টন এল, চি, আৰ গ্ৰাণ্ট এলেকাৰ প্ৰায় ৪০০ পৰিয়ালে পূৰ্ব পুৰুষৰ দিনৰে পৰা বসবাস কৰি আহিছে যদিও মাটিৰ পট্টা লাভ কৰা নাই।
ভূমি পট্টা লাভ কৰাৰ পৰা বঞ্চিত হ’ব লগা হৈছে। সমস্যা সমাধানৰ পৰিৱৰ্তে বাগিচা কৰ্তৃপক্ষই দীৰ্ঘদিন ধৰি চক্ৰান্ত কৰি খাটিখোৱা শ্ৰমিকক হাৰাশাস্তিহে কৰি অহা বুলি সংগঠন সমূহে অভিযোগ উত্থাপন কৰে৷ বিভাগীয় কৰ্তৃপক্ষৰ সৈতে যোগাযোগ কৰি বাগিচা কৰ্তৃপক্ষই দৰিদ্ৰ শ্ৰমিকৰ ভূমি পট্টা লাভ কৰাত বাধা হৈ থিয় দি আপত্তি বিহীন প্ৰমানপত্ৰ দিয়া নাই বুলি অভিযোগ কৰে প্ৰতিবাদকাৰীয়ে।
ইপিনে শ-শ শ্ৰমিকে খোজকাঢ়ি অহি থকাৰ উমান লাভ কৰি বাগিচাখনৰ মুখ্য পৰিচালকে পলায়ন কৰে কাৰ্যালয় এৰি৷ যদিও প্ৰায় ২ ঘণ্টা সময় শ্ৰমিকসকলে প্ৰতিবাদ কৰাৰ পিছত অৱশেষত বাগিচাখনৰ সহকাৰী পৰিচালক অংকুৰ চক্ৰৱৰ্তীয়ে প্ৰতিবাদস্থলিত উপস্থিত হোৱাত চাহ শ্ৰমিক মুক্তি সংগ্ৰাম সমিতিয়ে বাগিচাখনৰ পৰিচালকক উইল্টন গ্ৰাণ্টৰ শ্ৰমিকৰ মাটিৰ পট্টা লাভৰ বাবে বাগিচা কৰ্তৃপক্ষই আপত্তিবিহীন প্ৰমাণ পত্ৰ প্ৰদান কৰাৰ দাবী জনায়৷
শ্ৰমিক-কৰ্মচাৰীৰ দৈনিক হাজিৰা ৩৫০ টকা প্ৰদানৰ ব্যৱস্থা কৰা, উন্নত মানৰ ৰেচন দিয়া, দুখীয়া নিৰীহ শ্ৰমিকৰ ওপৰত চলোৱা অন্যায় বন্ধ কৰা, শ্ৰমিকক উন্নত মানৰ বিনামূলীয়া চিকিৎসা প্ৰদান কৰাৰ সহ ৬টা দাবী শীঘ্ৰে পূৰণৰ দাবী জনায়৷