এতিয়া টেম্প চলাই শিক্ষকে, ১৪ নৱেম্বৰত শিক্ষকৰ আন্দোলন

ফাইল ফটো,
ফাইল ফটো

গোৰেশ্বৰঃ নান প্ৰলোভন দি নিৰ্বাচনী বৈতৰণী পৰা কৰে একাংশ চালাক ৰাজনীতিকে৷ নিৰ্বাচন পাৰ হোৱাৰ পিছত মন্ত্ৰী-বিধায়ক হোৱাৰ পিছত কথা-কাম সম্পূৰ্ণ সলনি হৈ যায়৷ তেওলোক হৈ পৰে কথা চহকী৷ তেওলোকৰ দৰে চালাক মানুহ কোনো নাই বুলি ভাবিবলৈ আৰম্ভ কৰে৷ নীতি-নিয়ম সজোৱাত সিদ্ধহস্ত হৈ পৰে তেওলোকে৷ তেওলোকে কেৱল নিজৰ মনৰ কথাই শুনি কাম কাজ কৰিবলৈ আৰম্ভ কৰে৷

ৰাইজৰ কথা তেওলোকৰ সন্মুখত গুৰুত্বহীন হৈ পৰে৷ যিসকল লোকে বহু আশাৰে ভোট দান কৰিছিল তেওলোকক তুচ্ছ-তাচ্ছিল্য কৰিবলৈ আৰম্ভ কৰে৷ তেনেই পৰিস্থতিৰ সন্মুখীন হৈছে ৰাজ্যৰ শ শ শিক্ষকে৷ বছৰ-বছৰ ধৰি বিনা বেতনে শিক্ষকতাৰ দৰে মহান বৃত্তিত জড়িত শিক্ষক-কৰ্মচাৰীসকলক লৈ ৰাজনীতি কৰিবলৈ এৰা নাই নিজকে সৰ্বোচ্চ বুলি ভবা শিক্ষামন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাই।

ভেন্সাৰ শিক্ষানুষ্ঠানত কৰ্মৰত ৰাজ্যৰ হেজাৰ-হেজাৰ শিক্ষক-কৰ্মচাৰীক তিলতিলকৈ মৃত্যু মুখলৈ ঠেলি দিয়াৰ লগতে শিক্ষামন্ত্ৰীয়ে মিছা প্ৰতিশ্ৰুতি দিয়াৰ প্ৰতিবাদত অহা ১৪ নৱেম্বৰত ৰাজভৱন উত্তাল কৰিব শিক্ষক-কৰ্মচাৰীয়ে৷ ১৪ নৱেম্বৰত ৰাজভৱন ধৰ্মঘট কাৰ্যসূচী ৰূপায়ণ কৰিব শিক্ষকসকলে। অসম শিক্ষক-কৰ্মচাৰী ঐক্যমঞ্চৰ সহকাৰী সাধাৰণ সম্পাদক প্ৰাঞ্জল কুমাৰ শৰ্মাই এক বিবৃতি যোগে বাৰে-বাৰে আইনৰ মেৰপাচত বন্দী কৰি ভেন্সাৰ শিক্ষক-কৰ্মচাৰীক অন্ধকাৰ ভৱিষ্যতৰ দিশে ঠেলি দিয়া শিক্ষামন্ত্ৰীগৰাকীৰ নিকৃষ্ট মানসিকতাৰ বাবে আজি হেজাৰ-হেজাৰ লোকে ভাত-কাপোৰৰ সমস্যাত পৰিব লগা হৈছে বুলি ক্ষোভ উজাৰে।

২০-২৫ বছৰে বিনা বেতনে শিক্ষাদান কৰি মানৱ সম্পদ গঢ়াৰ পিছতো এটাৰ পিছত এটা নতুন নিয়ম বান্ধি দি কোনো কালে চাকৰি নহোৱাৰ ব্যৱস্থা কৰাৰ ষড়যন্ত্রত লিপ্ত হোৱা বুলিও ক্ষোভ উজাৰে শিক্ষামন্ত্ৰীৰ বিৰুদ্ধে সংগঠনটোৱে। এনে পৰিস্থিতিত বহুজনে ইতিমধ্যে আত্মহত্যা কৰিলে, বহুজনে পৰিয়াল পোহপাল দিবলৈ টেম্প চলোৱা আৰম্ভ কৰিছে৷ ব্যৱসায়, দিন হাজিৰা পৰ্যন্ত কৰিব লগা হৈছে শিক্ষকে। আন একাংশই আকৌ আৰ্থিক অভাৱত পৰি বিনা চিকিৎসাই সংসাৰৰ পৰা বিদায় লৈছে। বহু ভেন্সাৰ স্কুলৰ শিক্ষক-কৰ্মচাৰীৰৰ পৰিয়ালে খাদ্য, বস্ত্ৰ আৰু বাসস্থানৰ অভাৱত পৰি হাহকাৰ কৰিব লগা হৈছে। তেওঁলোকৰ সামজিক মৰ্যদাও হানি কৰা হৈছে বহুবাৰ।

ইয়াৰ পিছতো হেপাহ পলোৱা নাই শিক্ষামন্ত্ৰীৰ। প্ৰতিবাৰে ভেন্সাৰ শিক্ষকক ৰাজনৈতিক মুনাফা লাভৰ আহিলা হিচাপে ব্যৱহাৰ কৰি আহিছে৷ শিক্ষাদানৰ দৰে মহান বৃত্তিত বিশ-পচিশ বছৰ জড়িত হৈও নিজৰ মৌলিক প্ৰয়োজন খিনিৰ পৰাও বঞ্চিত হ'ব লগা হোৱা ঘটনা কেৱল অসম ৰাজ্যতহে সংঘটিত হৈছে বুলি বিবৃতি যোগে কয় অসম শিক্ষক-কৰ্মচাৰী ঐক্যমঞ্চই। আজিকোপতি ভেন্সাৰ শিক্ষানুষ্ঠান প্ৰাদেশিকীকৰণ কৰাৰ কোনো স্পষ্ট নীতি ঘোষণা নকৰাত হতাশাত ভাগি পৰিছে ভেন্সাৰ শিক্ষক-কৰ্মচাৰীসকল।

আনহাতে আগন্তুক পঞ্চায়ত নিৰ্বাচনতো শিক্ষকসকসক ৰাজনৈতিক ভাৱে ব্যৱহাৰ কৰাৰ সন্দেহ প্ৰকাশ কৰিছে ঐক্যমঞ্চই। যোগ্যজনক ভাত-কাপোৰৰ পৰা বঞ্চিত কৰি পঞ্চায়ত নিৰ্বাচনত যোগ্য প্ৰত্যুত্তৰ দিবলৈ সাজু হৈছে বুলিও কয় সংগঠনটোৱে৷ যোৱা ২০ অক্টোবৰত সংগঠনটোৱে উচ্চ-মাধ্যমিক আৰু প্ৰাথমিক শিক্ষা সঞ্চালকক স্মাৰক পত্ৰ প্ৰেৰণ কৰাৰ ফলশ্রুতিত ২৫ অক্টোবৰত মেম নং-ইউ পি ডি-৪৬/২০১৭/৭৫-এ জিলা সমূহলৈ প্ৰেৰণ কৰা বুলি কৈ প্ৰাথমিক সঞ্চালকে ৩১ অক্টোবৰ আৰু মাধ্যমিক সঞ্চালকে ১২ নবেম্বৰৰ ভিতৰত জিলাসমূহক পুনৰীক্ষণ প্ৰতিবেদন সঞ্চালকলৈ প্ৰেৰণৰ নিৰ্দেশ দিয়া বুলিও সংগঠনটোৱে জানিবলৈ দিয়ে।

আনহাতে উচ্চ প্ৰাথমিক আইনখনত তিনিজন শিক্ষকৰ আৰু প্ৰাপ্তি তাৰিখৰ পৰা কাৰ্যকৰী হোৱাকৈ স্বীকৃত বুলি উল্লেখ কৰা আছে। যদিহে তেনেদৰে জিলাৰ প্ৰতিবেদনত উল্লেখ কৰে তেনেহ'লে নিশ্চিতভাৱে বহু শিক্ষক আৰু শিক্ষানুষ্ঠান প্ৰাদেশিকীকৰণৰ পৰা বাদ পৰি ৰোৱাৰ আশংকা ব্যক্ত কৰে সংগঠনটোৱে। সেয়েহে পদ প্ৰাদেশিকীকৰণ আইন ২০১১ৰ অধীনত ৪২ হাজাৰ শিক্ষক-কৰ্মচাৰীক যেনেকৈ সুৰক্ষা প্ৰদান কৰিলে তেনেকৈ বাকী থকা ৩২ হাজাৰ শিক্ষক-কৰ্মচাৰীকো সুৰক্ষা প্ৰদান কৰিবলৈ দাবী জনাই অসম শিক্ষক-কৰ্মচাৰী ঐক্যমঞ্চই।

বাৰে-বাৰে শিক্ষক-কৰ্মচাৰী সকলক মিছা প্ৰতিশ্ৰুতি দি অন্ধকাৰ ভবিষ্যতৰ পিনে ঠেলি দিয়াৰ লগতে পদ প্ৰাদেশিকীকৰণৰ দাবীত ১৪ নবেম্বৰ শিশু দিৱসৰ দিনটোত ভেন্সাৰ শিক্ষক-কৰ্মচাৰীয়ে ধৰ্মঘট কাৰ্যসূচীৰ জৰিয়তে ৰাজভৱন উত্তাল কৰি প্ৰতিবাদ সাব্যস্ত কৰিব বুলি ঐক্যমঞ্চই সদৰী কৰে।