আঙুৰলতা বাইদেউৱে বিজেপিৰ দায়িত্ব দিলে ছাত্ৰ-ছাত্ৰীক পঢ়ুৱা ছাৰক

গুৱাহাটীঃ বিজেপি দলৰ সৈতে জড়িত হৈ থকা ছাৰ সকল ভাল৷ হয়, শিক্ষকসকলৰ কথাকে কৈছো ৷ যিসকলে বিজেপিৰ সভা, সমিতিত সহায়-সহযোগ কৰে সেই সকল শিক্ষক বিজেপিৰ বাবে বৰ আপোন৷ মৰম, আদৰ দায়িত্ব কতো কি লাভ কৰে সেই সকল শিক্ষকে৷ একাংশ শিক্ষকক কেমেৰাৰ সন্মুখত তুচ্ছ-তাচ্ছিল্য কৰাৰ লগতে বাৰে বাৰে সাৱধান কৰি দিয়ে ৰাজ্য চৰকাৰৰ শিক্ষা মন্ত্ৰীয়ে৷

কেৱল ইমানে নহয় সাংবাদিকতাৰ সৈতে জড়িত একাংশ শিক্ষককো শিক্ষা মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই সকিয়াই আহিছে৷ তাৰ মাজতে ছাত্ৰ-ছাত্ৰীক নপঢ়ুৱা বাইদেউৱে ছাত্ৰ-ছাত্ৰীক পঢ়ুৱা ছাৰক দায়িত্ব দিলে বিজেপি দলৰ৷ চৰকাৰৰ পৰা দৰমহা লাভ কৰা ছাৰক বিজেপি দলৰ দায়িত্ব প্ৰদান কৰিলে হিমন্ত হতে দেখা নাপায় নতুবা কঠোৰ হোৱা দেখা নাযায়৷

বটদ্ৰৱাৰ বিধায়িকা আঙুৰলতাৰ ঘনিষ্ঠ শিক্ষক এতিয়া বিজেপিৰ সভা সমিতিত ব্যস্ত হৈ থকাৰ অভিযোগ উত্থাপিত হয়৷ নগাঁও জিলাৰ বটদ্ৰৱা সমষ্টিৰ বিধায়িকা আঙুৰলতাৰ কৰ্ম কাণ্ডই একপ্ৰকাৰ স্তম্ভিত কৰিছে সমষ্টিবাসীক। বিধায়িকাগৰাকীৰ কাণ্ড চৰ্চিত হৈৰিছে সচেতন মহলতো। পৰিৱৰ্তনৰ কথা কৈ বটদ্ৰৱা সমষ্টিৰ ৰাইজৰ ভোট লৈ বিধায়িকা হোৱা আঙুৰলতাই ছাত্ৰ-ছাত্ৰীক পাঠদান কৰিবৰ বাবে সময় নথকা এগৰাকী শিক্ষকক বিজেপিৰ দলীয় দায়িত্ব অৰ্পণ কৰাত বিভিন্ন প্ৰশ্ন উত্থাপন হৈছে৷

ৰাজ্যখনক পৰিৱৰ্তনৰ আশা দেখুৱাই চৰকাৰ গঠন কৰা সৰ্বানন্দ সোণোৱাল চৰকাৰে আজিও পৰিৱৰ্তনৰ কথা কৈ আহিছে যদিও চৰকাৰী কৰ্মচাৰীক বিজেপিৰ দায়িত্ব অৰ্পণ কৰাত তীব্ৰ অসন্তুষ্ট হৈ পৰিছে বটদ্ৰৱা সমষ্টিৰ ৰাইজ৷ বিধায়িকা আঙুৰলতা ডেকাই বটদ্ৰৱা শিক্ষক য়াছিনক বটদ্ৰৱা মণ্ডল সমিতিৰ সভাপতিৰ দায়িত্ব অৰ্পণ কৰে বটদ্ৰৱা সমষ্টিৰ ঢাকাই বস্তি এম ই মাদ্ৰাছাৰ প্ৰধান শিক্ষক য়াছিন আলিক। বটদ্ৰৱা সমষ্টিৰ সংখ্যালঘু মৰ্চাৰ বটদ্ৰৱা মণ্ডল সমিতিৰ সভাপতিৰ দায়িত্ব অৰ্পণ কৰিছে বটদ্ৰৱাৰ বিধায়িকাগৰাকীয়ে।

ৰাজনৈতিক নেতাই দলৰ গধুৰ কাম কাজত প্ৰায় ব্যস্ত থকা দেখা যায়৷ তাৰ পিছত এগৰাকী শিক্ষকে ৰাজনীতিৰ সৈতে জড়িত থাকি বিদ্যালয়ত ছাত্ৰ-ছাত্ৰীক কেনেকৈ পাঠদান কৰিব সেয়া বহলাই কোৱাৰ কোনো প্ৰয়োজন নাই। মন কৰিবলগীয়া কথা এই যে বটদ্ৰৱাত বিজেপি বিধায়িকা আঙুৰলতা ডেকাৰ সমষ্টিতেই এতিয়া চৰকাৰী শিক্ষকক দলৰ দায়িত্ব দিয়াৰ ঘটনাই ডাঙৰ প্ৰশ্ন হৈ পৰিছে। শিক্ষকক ৰাজনৈতিক দলৰ দায়িত্ব অৰ্পণ কৰি বিধায়িকাই শিক্ষকক ৰাজনীতিত ব্যৱহাৰ কৰিছে।

কিছুদিন পূৰ্বে আঙুৰলতাৰ সমষ্টি বটদ্ৰৱাত অনুষ্ঠিত হোৱা এখন সভাত উপস্থিত হৈছিল স্বাস্থ্য-শিক্ষা মন্ত্ৰী ড০  হিমন্ত বিশ্ব শৰ্মা। সেই সভাত বিধায়িকা আঙুৰলতাক শৰ্মাই কৰা ধেমেলীয়া ইতিকিঙে সমষ্টিৰ সমস্যাৰাজিৰ সন্দৰ্ভত আঙুৰলতাৰ সচেতনতাৰ যে অভাৱ তাকেই উন্মোচিত কৰিছিল। কিয়নো এগৰাকী মন্ত্ৰী কোনো সমষ্টিলৈ আহিলে সেই সমষ্টিৰ সমস্যাবোৰ সমষ্টিটোৰ জনপ্ৰতিনিধি গৰাকীয়ে মন্ত্ৰীজনৰ আগত তুলি ধৰিব লাগে যাতে সমস্যাবোৰ সাধ্যানুসৰি মন্ত্ৰীজনে সমাধানৰ বাবে ব্যৱস্থা গ্ৰহণ কৰিব পাৰে।

কিন্তু তেনে তৎপৰতা বিধায়িকা আঙুৰলতা ডেকাই প্ৰদৰ্শন নকৰিলে বহুকেইটা গুৰুত্বপূৰ্ণ বিভাগৰ দায়িত্বত থকা মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ সন্মুখত। ইমানে নহয় আন এখন সভাত বিধায়িকাই সংবাদিকক অপমাণ কৰি মন্তব্য প্ৰকাশ কৰিছিল৷