
newsnextone.com | অভয়াপুৰীঃ আজি শিক্ষক দিৱস। ভাৰতৰ দ্বিতীয় গৰাকী ৰাষ্ট্ৰপতি, বিশ্ব বিশ্ৰুত পণ্ডিত, আজীৱন শিক্ষক ড০ সৰ্বপল্লী ৰাধাকৃষ্ণনৰ জন্ম দিনটোত সমগ্র দেশে পালন কৰে শিক্ষক দিৱস হিচাপে। আমাৰ ৰাজ্য খনতো চৰকাৰী খণ্ডতেই হওঁক অথবা বেচৰকাৰী খণ্ডতেই হওঁক গুৰু-শিষ্যৰ মাজত বেছ উলহ মালহেৰে পালন কৰা হয় এই পবিত্র দিৱসটি।
শিক্ষক সকলৰ নিস্বাৰ্থ পৰিশ্ৰমক মৰ্যাদা দিবলৈ আজিৰ দিনটোত পালন কৰা হয় শিক্ষক দিৱস। কিন্তু দুখৰ বিষয় যে অসমত এনে বহুসংখ্যক শিক্ষক আছে যি সকলে সু-নাগৰিক গঢ়াৰ কমাৰশালত জীৱনৰ অতি মূল্যবান সময় অতিবাহিত কৰিলে কিন্তু আজি পৰ্যন্ত লাভ কৰিব সক্ষম নহ’ল কোনো ধৰণৰ চৰকাৰী স্বীকৃতি।
বঙাইগাঁও জিলাৰ অভয়াপুৰীৰ বোৱালীমাৰীৰ নিখিল দত্তই শিক্ষকতা বৃত্তিকে ব্ৰত হিচাপে লৈ প্ৰায় ২৫ বছৰ ধৰি অনিয়মীয়া তথা সামান্য পৰিমাণৰ পাৰিশ্ৰামিকেৰে কাম কৰাৰ পিছত শিক্ষক গৰাকীৰ পৰিয়ালত নাজল-নাথল অৱস্থাই অপ্ৰাদেশীকৃত শিক্ষকৰ কৰুণ অৱস্থাৰ দিশ উন্মোচিত কৰিছে। ১৯৯৪ চনত অভয়াপুৰীৰ নিখিল দত্তই অযুত আশা লৈ অপ্ৰাদেশীকৃত বোৱালীমাৰী লক্ষ্মীনাৰায়ন মধ্য ইংৰাজী বিদ্যালয়ত প্ৰধান শিক্ষক হিচাপে যোগদান কৰিছিল। অনিয়মীয়া তথা সামান্য বেতনেৰে পত্নী আৰু ২ গৰাকী কন্যা সন্তানেৰে ভৰা সংসাৰ চলোৱা কঠিন হৈ পৰিলেও পিছ হুহকি অহা নাই৷
এই পবিত্র বৃত্তিটোৰ পৰা।আৰ্থিক অনাটনৰ মাজতো শিক্ষক নিখিলে অব্যাহত ৰাখিছে জীৱন সংগ্ৰাম। আৰ্থিকভাবে অতিশয় জুৰুলা শিক্ষকগৰাকীয়ে উপায়ন্তৰ হৈ বৰ্ত্তমান ঘৰুৱা টিউশ্যন আৰু অভয়াপুৰী বজাৰ সমিতিৰ মাচুল সংগ্ৰহ কৰা আদি কাম কৰি এক কঠিন সংগ্ৰামৰ মাজেৰে পৰিয়ালটো চলি আছে যদিও শিক্ষক নিখিলে পবিত্র বৃত্তিটোকে সৰোগত কৰি দেশৰ এজন সু-নাগৰিক গঢ়াৰ কামত নিয়োজিত কৰাৰ বাবে এক মানসিক সন্তুষ্টি লাভ কৰে।
ৰাজ্যৰ শিক্ষা খণ্ডৰ বহু পৰিবৰ্তন হ’ল, বহু অভিলাষী আঁচনি ঘোষণা কৰা হ’ল কিন্তু এনে কোনো আঁচনিয়ে সামৰি নল’লে নিখিল দত্তৰ পৰিয়ালটোক। ৰাজ্য খনত এনে বহু সংখ্যক শিক্ষক আছে, তেওঁলোকৰ পৰিয়ালবোৰক কেতিয়া চৰকাৰী আঁচনিয়ে ঢুকি পাব আজিৰ শিক্ষক দিৱসৰ দিনটোত সকলোৰে মনত উদয় হোৱা এটি জটিল প্ৰশ্ন।