
ধুবুৰীঃ ৰাজ্যৰ ভিন্ন প্ৰান্তৰ লগতে গৌৰীপুৰতো উলহ মালহৰে পালিত হৈছে শিক্ষক দিৱস৷ গৌৰীপুৰ প্ৰতিমা বৰুৱা পাণ্ডে কলেজখনত শিক্ষক দিৱসৰ লগত সংগতি ৰাখি দিনজোৰা কাৰ্যসুচীৰে আদৰণী সভা অনুষ্ঠিত হৈ যায়৷
অনুষ্ঠানটোৰ আৰম্ভনিতে ড° সৰ্বপল্লী ৰাধাকৃষ্ণণৰ প্ৰতিচ্ছবিত মাল্যাৰ্পন আৰু বন্তি প্ৰজ্বলন কৰে প্ৰতিমা বৰুৱা পাণ্ডে কলেজৰ অধ্যাপক চি এন বেপাৰীয়ে৷
পৰবৰ্তী কাৰ্যসূচীত শিক্ষাগুৰুসকলৰ ভাষণ আৰু আদৰণী সভাত ছাত্ৰ-ছাত্ৰীৰ মাজত কেক কাটি শিক্ষক দিৱস পালন কৰাৰ লগতে ছাত্ৰ-ছাত্ৰীক ড° সৰ্বপল্লী ৰাধাকৃষ্ণণৰ বিষয়ে বক্তৃতা প্ৰদান কৰে নৱাগত ছাত্ৰ-ছাত্ৰীসকলে৷