
জাজৰিঃ আজি ভাৰতৰ দ্বিতীয়গৰাকী ৰাষ্ট্ৰপতি ড° সৰ্বপল্লী ৰাধাকৃষ্ণনৰ সোঁৱৰণীৰ দিন৷ সমগ্ৰ দেশৰ লগতে জাজৰি অঞ্চলৰ সকলো শিক্ষানুষ্ঠানত উলাহ-উদ্দিপনাৰে উদযাপন কৰে শিক্ষক দিৱস। ভাৰতৰ দ্বিত্বীয় গৰাকী ৰাষ্ট্ৰপতি ড° সৰ্বপল্লী ৰাধাকৃষ্ণনৰ জন্মদিনটোত আজি শংকৰ-আজান জাতীয় বিদ্যালয়ে পুৱাৰে পৰা বিভিন্ন কাৰ্যসূচীৰে উদযাপন কৰে।
ড° ৰাধাকৃষ্ণনৰ প্ৰতিচ্ছবিৰ সন্মুখত বন্তি প্ৰজ্বলন আৰু শ্ৰদ্ধাঞ্জলি জ্ঞাপনৰ পাছত জ্যেষ্ঠ শিক্ষাগুৰু জামালুদ্দিন আহমেদক বিদ্যালয়ৰ তৰফৰ পৰা সম্বৰ্দ্ধনা জনোৱা হয়। লগতে বিদ্যালয় কৰ্তৃপক্ষৰ তৰফৰ পৰা শিক্ষক-শিক্ষয়িত্রী সকলক বস্ত্র উপহাৰ, কলম, গ্ৰন্থৰে সন্মান জনোৱা হয়।
আনহাতে জাজৰি উচ্চতৰ মাধ্যমিক বিদ্যালয়, জাজৰি ঘনস্মৃতি বিদ্যালয়, জাজৰি সংযুক্ত মজলীয়া বিদ্যালয়, বি পি চি ছোৱালী হাইস্কুল, কুজিদাহ উচ্চতৰ মাধ্যমিক বিদ্যালয় ধৰি বৃহত্তৰ জাজৰি অঞ্চলৰ সকলো শিক্ষানুষ্ঠানতে শিক্ষক দিৱস বিপুল উৎসাহেৰে উদযাপন কৰা হয়৷