কৃতী শিক্ষকৰ পৰলোকপ্ৰাপ্তি

দলংঘাটঃ দৰং জিলাৰ দেওমৰনৈ লোজোৰাৰ অৱসৰপ্ৰাপ্ত কৃতী শিক্ষক নৰেশ্বৰ ডেকাৰ আজি ৮৭ বছৰ বয়সত মৃত্যু ঘটে। তেখেতে ৰাজঘাট মধ্য ইংৰাজী বিদ্যালয়ৰ পৰা কৰ্মজীৱন আৰম্ভ কৰি দেওমৰনৈ উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ পৰা অৱসৰ গ্ৰহন কৰিছিল।

তেখেত শিক্ষকতাৰ উপৰিও দৰং জিলাৰ বিভিন্ন অনুস্থান প্ৰতিস্থানৰ সৈতে জড়িত হৈ আছিল।শিক্ষক নৰেশ্বৰ ডেকাৰ মৃত্যুত সমগ্ৰ দৰং জিলাত শোকৰ ছাঁ পৰিছে। শিক্ষক গৰাকীৰ  শোক সন্তপ্ত পৰিয়াল বৰ্গক অঞ্চলটোৰ বিভিন্ন দল সংগঠনে সমবেদনা জনোৱাৰ লগতে তেখেতক শেষ শ্ৰদ্ধাঞ্জলী জ্ঞাপন কৰে।