বিহপুৰীয়াত শিক্ষকৰ বিয়োগ

লালুকঃ বিহপুৰীয়াৰ বদতি জামুগুৰিৰ নেহৰু উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ শিক্ষক হেমন্ত কলিতা (৫৪)ৰ দেওবাৰে নিশা নিজা বাসগৃহত পৰলোকপ্ৰাপ্তি ঘটে৷ দীৰ্ঘদিন ধৰি কৰ্কট ৰোগত আক্ৰান্ত হৈ আছিল শিক্ষকগৰাকী৷

উল্লেখ্য যে, ২০০১ চনৰ পৰা কৃতি শিক্ষকগৰাকীয়ে নেহৰু উচ্চতৰ মাধ্যমিক বিদ্যালয়ত বিনাবেতনে শিক্ষকতা কৰি আহিছিল৷

সু অভিনেতা তথা বিশিষ্ট বক্তা হিচাবে পৰিচিত কলিতাৰ মৃত্যুত বদতি জামুগুৰি নাট্যসমাজ, জ্যোতিৰ্ময় সংঘ, গোপী বৰদলৈ পুথিভড়াল, অসমী মহিলা সমিতি, নেহৰু উচ্চতৰ মাধ্যমিক বিদ্যালয় আৰু জামুগুৰি প্ৰাথমিক বিদ্যালয়ে গভীৰ শোক প্ৰকাশ কৰে৷