
তুলসীবাৰীঃ ৰাজ্যৰ ভিন্ন প্ৰান্তত গুণোৎসৱক লৈ সৃষ্টি হোৱা উখল মাখল পৰিৱেশৰ মাজতে ৰঙিয়া শিক্ষা খণ্ডৰ অন্তৰ্গত অপ্ৰাদেশীকৃত খোপনিকুছি এম ই মাদ্ৰাছাৰ শিক্ষক আকবৰ আলীয়ে টকাৰ অভাৱত সাৱটিলে অকাল মৃত্যুক৷ সুদীৰ্ঘ ২৫ বছৰ কাল বিনা বেতনে সেৱা আগবঢ়াই অহা শিক্ষক গৰাকীয়ে মৃত্যুৰ সময়তো চৰকাৰৰ ফালৰ পৰা নাপালে কোনো সহাৰি৷
দীৰ্ঘ দিন ধৰি মধুমেহ আৰু বৃক্কৰ ৰোগত আক্ৰান্ত হৈ আৰ্থিক অক্ষমতাৰ কাৰণে উপযুক্ত চিকিত্সাৰ পৰা বঞ্চিত শিক্ষক আলীয়ে মাত্ৰ ৪৪ বছৰ বয়সতে জিএমচিএইচ হস্পিতালত ৯ অক্টোবৰৰ নিশা চিকিৎসাধীন অৱস্থাত মৃত্যুক সাৱটে৷
সংবাদ মাধ্যমলৈ প্ৰেৰণ কৰা এক বিবৃতিত শিক্ষক-কৰ্মচাৰী ঐক্য মঞ্চৰ সভাপতি কুশল কুমাৰ হালৈ আৰু সম্পাদক ভূবনেশ্বৰ লহকৰে প্ৰয়াত আলীৰ পৰিয়াল বৰ্গলৈ সমবেদনা জ্ঞাপন কৰে৷ সম্পাদক ভূবনেশ্বৰ লহকৰে কয় যে- শিক্ষামন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাই ২০১৩ চনত ৰাজ্যৰ ভালেসংখ্যক বিদ্যালয় প্ৰাদেশীকৰণ কৰিলে৷ কিন্তু প্ৰাদেশীকৰণ কৰিবলৈ বাকী থকা বিদ্যালয় সমূহৰ ক্ষেত্ৰত নতুন আইনৰ দোহাই দি ষড়যন্ত্ৰমূলকভাৱে পিছুৱাই থকাৰ ফলতে বেতন বঞ্চিত আকবৰ আলীৰ দৰে নিষ্ঠাবান শিক্ষকে অকাল মৃত্যুক সাৱটি লব লগা হ’ল৷
বৰ্তমানৰ চৰকাৰ আৰু শিক্ষামন্ত্ৰী গৰাকীৰ এনে বৈষম্যমূলক নীতি পৰিহাৰ কৰি চৰ্তহীনভাবে সকলো বিদ্যালয় প্ৰাদেশীকৰণৰ আওতালৈ অনা নহ’লে আৰু বহু শিক্ষক-কৰ্মচাৰী আৰ্থিক দৈন্যতাৰ কাৰণে ভয়াবহ দুৰ্যোগৰ সন্মুখীন হোৱাতো ধুৰূপ৷
এনে এক প্ৰেক্ষাপটত ৰাজ্য চৰকাৰৰ ওচৰত প্ৰয়াত আলীৰ পত্নীৰ লগতে একমাত্ৰ পুত্ৰ আৰু দুই কন্যাৰ জীৱনৰ আৰ্থিক নিৰাপত্তাৰ দিশটো বিবেচনা কৰি ইতিবাচক পদক্ষেপ গ্ৰহণৰ বাবে দাবী জনাইছে সংগঠনটোৰ নেতৃবৃন্দই৷