
চাবুৱাঃ দেওবাৰে ডিব্ৰুগড়ৰ আমোলাপট্টি নাট্য মন্দিৰত ডিব্ৰুগড় জিলাৰ প্ৰাথমিক পৰ্যায়ৰ স্নাতক শিক্ষক সকলৰ এখনি গুৰুত্বপূৰ্ণ সভা অনুষ্ঠিত কৰা হয়। সভাখনিত অসম ৰাজ্যিক প্ৰাথমিক শিক্ষক সন্মিলনীৰ সভাপতি জীৱনচন্দ্ৰ বৰা আৰু সৰ্বভাৰতীয় সদস্য অজিত খনিকৰ উপস্থিত থাকে।
সভাখনিত ডিব্ৰুগড় জিলাৰ মধ্য ইংৰাজী শিক্ষক সন্থাৰ মজলীয়া শিক্ষক সন্থা আৰু কৰ্মচাৰী পৰিষদৰ নেতৃবৃন্দও উপস্থিত থাকে। সভাখনিত সভাপতিত্ব কৰে সাৰ্বজনীন উচ্চমাধ্যমিক বিদ্যালয়ৰ সহকাৰী শিক্ষক খুবেন পাত্ৰই।
এই সভাতেই প্ৰাথমিক পৰ্যায়ৰ স্নাতক শিক্ষক সকলৰ শেহতীয়া গ্ৰেড পে বিভান্তি সন্দৰ্ভত আলোচনা কৰা হয় আৰু গুৰুত্বপূৰ্ণ সিদ্ধান্ত গ্ৰহণ কৰা হয়।
সভাখনিত ডিব্ৰুগড় জিলাৰ স্নাতক প্ৰাথমিক শিক্ষক সকলে দৰমহা আসোঁৱাহ সমিতিৰ প্ৰতিবেদন নহালৈকে ৮৭০০ টকা গ্ৰেডপেৰ পৰিৱৰ্তে ৬২০০ টকাৰ গ্ৰেড পে গ্ৰহণ নকৰিবলৈ সিদ্ধান্ত গ্ৰহণ কৰে।
তদুপৰি শেহতীয়াকৈ স্নাতক প্ৰাথমিক শিক্ষকৰ গ্ৰেড পেৰ বিভ্ৰান্তি সন্দৰ্ভত আইনী প্ৰক্ৰিয়াৰে আগবঢ়াৰ সিদ্ধান্ত গ্ৰহণ কৰে।