
আমগুৰিঃ ২৪ ঘন্টাৰ ভিতৰত অৰ্থৰ অভাৱত চিকিৎসা কৰিব নোৱাৰি এই পৃথিৱীৰ পৰা মেলানি মাগিলে আৰু এগৰাকী মানৱ সম্পদ গঢ়াৰ খনিকৰে৷ পৰিয়ালটোক একো দিব নোৱাৰাকৈয়ে মেলানি মাগিলে আৰু এগৰাকী দুৰ্ভগীয়া শিক্ষকে৷ সপোন বোৰ-দুখবোৰ বুকুত বান্ধি লৈ মেলানি মাগিব ধৰিছে ৰাজ্যৰ এজন এজনকৈ শিক্ষকে৷ দৰমহা নোপোৱা শিক্ষকৰ পৰিয়াল বোৰ যেন এতিয়া সমাজ খনৰ বাবে মুল্যহীন৷ তেওলোকৰ পৰিয়াল বোৰ এতিয়া প্ৰশাসনৰ বাবে মুল্যহীন৷
তেওলোকৰ পৰিয়াল বোৰ এতিয়া চৰকাৰৰ বাবে মুল্যহীন৷ তেওলোকক চাকৰি দিব লাগিব বাবেই শিক্ষক আৰু শিক্ষকৰ পৰিয়াল সমূহ এতিয়া ৰাজ্য খনৰ বাবে বোজা স্বৰূপ হৈ পৰিছে৷ চৰকাৰে তেওলোকক চাকৰি দিব লাগিলে ৰাজ কোষৰ ধন খৰছ কৰিব লাগিব৷ তাতকৈ ৰাজকোষৰ ধনেৰে ঠিকাৰ বাবে টকা মুকলি কৰি দিলে ঠিকাদাৰ, মন্ত্ৰী, বিধায়ক, অভিযন্তাই লগে-ভাগে খাব পাৰিব৷ যাৰ বাবে থলুৱা অসমীয়াৰ পৰিয়ালতকৈ আন কোনোবা এতিয়া বেছি আপোন হৈছে চৰকাৰৰ বাবে৷
ৰাজ্যত যেন এতিয়া ভেন্সাৰ স্কুল তথা বেতন বঞ্চিত শিক্ষকৰ দুখ-দুৰ্গতি কুলাই-পাচিয়ে নধৰা হৈছে৷ শিক্ষাদানৰ নামত দিনৰ দিনটো ব্যস্ত থকা শিক্ষকসকলে পৃথিৱীৰ আন কথা ভাবিবলৈ সময় নাপায় যদিও তেওলোকক বাবে বাৰে প্ৰতি খন চৰকাৰে বঞ্চিত কৰি আহিছে৷ হাজাৰ হাজাৰ শিক্ষকে এতিয়া হাহাকাৰ কৰিব লগা হৈছে৷ এসাজ ভাত, বস্ত্ৰৰ, সন্তানৰ পঢ়া খৰছৰ বাবে আনৰ ঘৰত হাজিৰা নতুবা অইন কাম কৰিব লগা হৈছে৷ বহু শিক্ষাগুৰুৱে গাড়ী চলাব লগা হৈছে৷
বহু শিক্ষকে পৰিয়াল পোহপাল দিব নোৱাৰি আত্মাহত্যা কৰিছে৷ বহু শিক্ষকে ৰোগত আক্ৰান্ত হৈ চিকিৎসা কৰিব নোৱাৰি বিনা বেতনে পৃথিৱীৰ পৰা মেলানি মাগিছে৷ তাৰ মাজতে দেওবাৰে এগৰাকী মানৱ সম্পদ গঢ়াৰ খনিকৰে এই পৃথিৱীৰ পৰা অন্তৰত বহু বেদনা লৈ মেলানি মাগিছিল৷ ২৩ বছৰ বিনা বেতনে ভেন্সাৰ শিক্ষানুষ্ঠানৰ কৰ্মৰত শিক্ষাগুৰুৱে শিক্ষামন্ত্ৰীৰ আকোঁৰগোজ মনোভাৱৰ বাবে প্ৰাণ দিব লগা হ'ল বুলি অভিযোগ উত্থাপন হয়৷
ওদালগুৰি জিলাৰ বৰনদীঝাৰ তথা বাক্সা জিলাৰ গোৰেশ্বৰ-আন্ধেৰীঘাটৰ নিকটৱৰ্তী নাৰায়ণ বালিকা মধ্য ইংৰাজী বিদ্যালয়ৰ সহকাৰী শিক্ষক টংকেশ্বৰ ৰাজবংশীয়ে (৪৮) দেওবাৰে নিশা প্ৰায় ৭.৩০ বজাত উচ্চৰক্ত চাপ জনিত কাৰণত মৃত্যুক আকোৱালি লয়। ১৯৯৪ চনতে স্থাপিত বিদ্যালয়খনত প্ৰতিষ্ঠা কালৰে পৰা শিক্ষকতা কৰি আছিল টংকেশ্বৰ ৰাজবংশীয়ে৷ তাৰ পিছত মঙলবাৰে শিৱসাগৰ জিলাৰ আমগুৰিত পুনৰ মৃত্যু হ’ল আন এজন শিক্ষকৰ।
দৰিদ্ৰতাৰ বাবেই নিজৰ চিকিৎসা কৰিব নোৱাৰিলে শিক্ষক পলাশ গগৈয়ে। পৰিৱৰ্তনকামী চৰকাৰৰ শিক্ষা বিভাগ তথা বহুবল্কী শিক্ষামন্ত্ৰীয়ে শিক্ষকৰ সমস্যাক গুৰুত্ব আৰোপ নকৰাত তিলতিলকৈ মৃত্যু মুখলৈ আগবাঢ়িছে বহু শিক্ষকে। ৰাজ্যৰ আন ঠাইত নালাগে শিৱসাগৰ জিলাত দৰিদ্ৰতাৰ বাবেই এইপৰ্যন্ত প্ৰাণ হেৰুৱালে ২৮ জনকৈ শিক্ষকে। শিৱসাগৰ জিলাৰ ১৫৩০ গৰাকী বেতন বঞ্চিত শিক্ষকৰ আজি পৰ্যন্ত সমস্যাৰ সমাধান নকৰিলে চৰকাৰে।
আন্দোলন, ধৰ্মঘট একোৱেই টলাব পৰা নাই চৰকাৰক। ১৯৯৯ বৰ্ষৰ ৬ ডিচেম্বৰত সহ শিক্ষক হিচাবে চাকৰিত যোগদান কৰা শিৱসাগৰ জিলাৰ আমগুৰিৰ দোপদৰ অভয়পুৰীয়া গাঁৱৰ পলাশ গগৈয়ে। চাকৰিৰ বিধিগত সকলোবোৰ চৰকাৰী ব্যৱস্থাপনা সম্পূৰ্ণ হোৱাৰ লগতে ২০০২ চনতে লক্ষ্মীমপুৰ আজাদৰ পৰা এবছৰীয়া বুনিয়াদী প্ৰশিক্ষণো লৈছিল গগৈয়ে। ২০১২ চনৰ ফেব্ৰুৱাৰী পৰ্যন্ত অনিয়মীয়াকৈ হলেও বেতন লাভ কৰিছিল শিক্ষকজনে। যোৱা ৬৮ মাহজুৰি দৰ্মহাৰ পৰা বঞ্চিত হৈ আছিল শিক্ষকজন। চাৰি বছৰে মধুমেহ ৰোগত আক্ৰান্ত হৈ থকা পলাশ গগৈয়ে ধনৰ অভাৱত চিকিৎসা কৰিব নোৱাৰি অৱশেষত নিয়তিৰ ওচৰত হাৰ মানিলে।
কেইদিনমান পূৰ্বে অসুস্থ হৈ পৰা গগৈক জয়সাগৰস্থিত শিৱসাগৰ অসামৰিক চিকিৎসালয়ত ভৰ্তি কৰাৰ পাছত সোমহবাৰে মুমুৰ্ষ অৱস্থাত পুনৰ ঘৰলৈ লৈ অহা হৈছিল যদিও কিছু সময়ৰ পাছতে শিক্ষকজনে শেষ নিশ্বাস ত্যাগ কৰে। ইতিমধ্যে শিৱসাগৰ জিলাকৰ ২৮গৰাকী শিক্ষকৰ মৃত্যু হৈছে৷ এই পৰিয়ালৰ দায়িত্ব এতিয়া কোনে লব? বিগত ৬৮ মাহে বেতন নিয়মীয়াকৰণৰ বাবে গনতান্ত্ৰিকভাৱে যুঁজ দি অহা ১৫৩০ গৰাকী শিক্ষকে শিক্ষক দিৱসৰ দিনটোত শিৱসাগৰত প্ৰতিবাদ সাব্যস্ত কৰিছিল।
সোণাৰিৰ বিধায়ক তপন কুমাৰ গগৈ আৰু মাহমৰাৰ বিধায়ক যোগেন মহনে দিয়া আশ্বাসৰ লগতে শিক্ষা বিভাগৰ ৪৫ দিনৰ সময়সীমা নিৰ্ধাৰণ কৰি দিয়া এক পত্ৰৰ ভিত্তিত ধৰ্মঘটৰ অন্ত পৰিছিল। এসময়ৰ ছাত্ৰ নেতা তথা বৰ্তমানৰ বিধায়ক তপন গগৈৰ আশ্বাসো প্ৰহসনত পৰিণত হ'ল। ছাত্ৰ নেতা হৈ থকা অৱস্থাত চৰকাৰক ক্ষুৰধাৰ সমালোচনা কৰা তপন গগৈয়ে বিধায়ক হৈ ৰাইজৰ সমস্যা সমাধানত সম্পূৰ্ণ ব্যৰ্থ হৈ পৰা বুলি অভিযোগ উত্থাপন হৈছে। প্ৰধান শিক্ষকক কোঠাত ভৰাই লৈ কেমেৰাৰ সন্মুখত শিক্ষকৰ খতিয়ান লৈ আট্টহাস্য কৰা শিক্ষামন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই শিক্ষা বিভাগৰ সংস্কাৰ সাধন কৰিব বিচাৰি নান কাৰ্যসূচী হাতত লৈছে যদিও বেতন বঞ্চিত শিক্ষক সকলৰ ক্ষেত্ৰত সম্পূৰ্ণ নিমাত৷