৩৭৫০ গৰাকী শিক্ষক-কৰ্মচাৰীৰ জীৱনলৈ নামি আহিছে অমানিশা, বিটিচি শিক্ষক কৰ্মচাৰী ঐক্যমঞ্চৰ প্ৰতিবাদ

কোকৰাঝাৰঃ বিটিচিৰ পদ প্ৰাদেশীকৰণ আইন ২০১৭ৰ অধীনৰ বিটিচিৰ সকলোপৰ্যায়ৰ ভেন্সাৰ শিক্ষানুষ্ঠানত কৰ্মৰত সকলো শিক্ষক কৰ্মচাৰীৰ পদ প্ৰাদেশীকৰণৰ দাবীত সোমবাৰে বিটিচি শিক্ষক কৰ্মচাৰী ঐক্যমঞ্চই কোকৰাঝাৰত অৱস্থান ধৰ্মঘট কাৰ্যসূচী ৰূপায়ন কৰে। 

কোকৰাঝাৰ জিলা উপয়াক্তুৰ কাৰ্যালয়ৰ নিকটৰ শিশু উদ্যানৰ সন্মুখত পুৱা ১১ বজাৰ পৰা ২ বজালৈ অনুষ্ঠিত হোৱা ধৰ্ণা কাৰ্যসূচীত বিটিএডিৰ বিভিন্ন প্ৰান্তৰ শিক্ষক কৰ্মচাৰীসকলে অংশগ্ৰহণ কৰে। 

হাতে হাতে বেনাৰ-ফেষ্টুন লৈ নিজ দাবীৰ সমৰ্থনত শিক্ষক কৰ্মচাৰীসকল বিভিন্ন শ্ল’গানেৰে চহৰৰ পৰিৱেশ মুখৰিত কৰি তোলে। অৱস্থান ধৰ্মঘট কাৰ্যসূচীৰ অন্তত বিটিচি শিক্ষক-কৰ্মচাৰী ঐক্যমঞ্চৰ সভাপতি বুদ্ধিৰাম ব্ৰহ্ম আৰু সাধাৰণ সম্পাদক প্ৰাঞ্জল কুমাৰ শৰ্মাই বিটিচি পৰিষদে ভেন্সাৰ শিক্ষানুষ্ঠান প্ৰাদেশীকৰণ আইন কাৰ্যকাৰী কৰাৰ আহ্বান জনায়। 

ভেন্সাৰ শিক্ষানুষ্ঠান প্ৰাদেশীকৰণ আইন কাৰ্যকাৰী নকৰাৰ পৰিণতিতে কমেও ৩৭৫০ গৰাকী শিক্ষক-কৰ্মচাৰীৰ জীৱনলৈ অমানিশা নামি অহা বুলি উল্লেখ কৰি বিটিচি শিক্ষক কৰ্মচাৰী ঐক্যমঞ্চৰ সভাপতি বুদ্ধিৰাম ব্ৰহ্ম আৰু সাধাৰণ সম্পাদক প্ৰাঞ্জল কুমাৰ শৰ্মাই ভেন্সাৰ শৈক্ষিক প্ৰতিষ্ঠানৰ শিক্ষক কৰ্মচাৰীসকলৰ সমস্যা সমাধানৰ দাবীত বিটিচি প্ৰধান হাগ্ৰামা মহিলাৰীক স্মাৰকপত্ৰ প্ৰেৰণ কৰে।