
গোৰেশ্বৰঃ বাক্সা জিলাৰ আৰক্ষী অধীক্ষক বিনয় কলিতাই ৰাইজক দিয়া প্ৰুতিশ্ৰুতি ৰক্ষা কৰিলে৷ এগৰাকী শিক্ষকক আটক কৰাৰ দাবীত যোৱা কেবাটাও দিন ধৰি উত্তাল হৈ আছিল গোৰেশ্বৰ৷ যৌন নিৰ্যাতনৰ অভিযুক্ত এগৰাকী শিক্ষকক আৰক্ষয়ে গ্ৰেপ্তান কৰিব নোৱাৰাত থানা ঘেৰাও, পথ অৱৰোধ আদি কাৰ্যসুচী অব্যাহত আছিল৷ তাৰ মাজতে গোৰেশ্বৰৰ কেবাটাও সংগঠনৰ নেতৃত্বত কেইবা হাজাৰ লোকে দুদিন পূৰ্বে গোৰেশ্বৰ থানা ঘেৰাও কৰি জংগী প্ৰতিবাদ সাব্যস্ত কৰিছিল৷
উত্তাল প্ৰতিবাদৰ খবৰ লাভ কৰি প্ৰতিবাদকাৰীক ক্ষান্ত কৰিবলৈ জিলাৰ সদৰ মুছলপুৰৰ পৰা আৰক্ষী অধীক্ষক বিনয় কলিতা দৌৰি আহিছিল গোৰেশ্বৰলৈ৷ আৰক্ষী অধীক্ষকগৰাকীয়ে প্ৰতিবাদকাৰীক ২৪ ঘন্টাৰ সময় দিছিল অভিযুক্তক আটক কৰিম বুলি৷ হয়, বিনয় কলিতাৰ কথা মতেই কাম৷ ২৪ ঘন্টা পাৰ নৌহওতেই অভিযুক্ত হাজিৰ হ’ল আৰক্ষী বিষয়া বিনয়ৰ ওচৰত৷ বাক্সা জিলাৰ গোৰেশ্বৰ থানাৰ অন্তৰ্গত গোৰেশ্বৰৰ চহৰৰ মাজ-মজিয়াত সংঘটিত যৌন নিৰ্যাতনৰ ঘটনাৰ অভিযুক্ত প্ৰধান শিক্ষক ফিদ্দুছৰ ৰহমানে অৱশেষত দেওবাৰে আৰক্ষীৰ ওচৰত আত্মসমৰ্পণ কৰে।
যোৱা ২ অক্টোবৰত সংঘটিত এক যৌন নিৰ্যাতনৰ ঘটনাৰ অভিযুক্ত বেতনা কাউৰবাহা মিলন মধ্য ইংৰাজী বিদ্যালয়ৰ প্ৰধান শিক্ষকগৰাকীয়ে ৩ অক্টোবৰৰ পৰা পলাতক হৈ আছিল। ঘটনাৰ প্ৰতিক্ৰিয়া অব্যাহত থকাৰ মাজতে দেওবাৰে জিলা আৰক্ষী অধীক্ষক বিনয় কলিতাৰ ওচৰত বিয়লি ৪.৩০ বজাত জিলাৰ সদৰ মুছলপুৰত আত্মসমৰ্পণ কৰে। প্ৰধান শিক্ষক ফিদ্দুছৰ ৰহমানক জিলা প্ৰাথমিক শিক্ষা বিষয়া প্ৰশান্ত বৰাই মুছলপুৰৰ পৰা শনিবাৰে চাকৰিৰ পৰা নিলম্বন কৰে।
আত্মসমৰ্পন কৰাৰ লগে লগে ঘটনাৰ উত্তেজনাৰ শাম কাটিব বুলি আশা কৰা হৈছে। বিদ্যালয়খনৰ পৰিচালনা সমিতিৰ উদ্যোগত শনিবাৰে প্ৰধান শিক্ষকগৰাকীৰ সমৰ্থনত এখন ৰাজহুৱা সভাও অনুষ্ঠিত হয়৷ উক্ত সভাত ঘটনাটোক এক ৰাজনৈতিক ষড়যন্ত্ৰ বুলি একাংশই মন্তব্য কৰে। গোৰেশ্বৰৰ বিভিন্ন ছাত্ৰ সংগঠনে অভিযুক্তক গ্ৰেপ্তাৰৰ দাবীত তীব্ৰ আন্দোলন গঢ়ি তুলি প্ৰশাসনৰ ওচৰত হেঁচা প্ৰয়োগ কৰাৰ লগতে যৌন নিৰ্যাতনৰ অভিযুক্তক শাস্তিৰো দাবী তুলিছিল।
উল্লেখ্য যে, এগৰাকী ব্যৱসায়ীৰ ৯ বছৰীয়া তথা চতুৰ্থ শ্ৰেণীৰ এগৰাকী ছাত্ৰীক ছবি শিকিবলৈ আহোতে প্ৰধান শিক্ষক ফিদ্দুছৰ ৰহমানে যৌন নিৰ্যাতন চলোৱা বুলি মাতৃয়ে গোৰেশ্বৰ থানাত এজাহাৰ দাখিল কৰাৰ পিছত আৰক্ষীয়ে অভিযুক্তক গ্ৰেপ্তাৰ কৰিবলৈ অভিযান চলাই আছিল যদিও সফল হ'ব পৰা নাছিল।