
হোজাইঃ হোজাইৰ এখন ব্যক্তিগত খণ্ডৰ বিদ্যালয়ত এগৰাকী ছাত্ৰক শিক্ষকে মাৰধৰ কৰাক লৈ সৃষ্টি হৈছে তীব্ৰ প্ৰতিক্ৰিয়াৰ।
হোজাইৰ মোৰাঝাৰৰ দীঘলজাৰ এ পি জে আব্দুল কালাম বিদ্যাপীঠৰ অষ্টম শ্ৰেণীৰ ছাত্ৰ মিনহাজুল ইছলামক শিক্ষক ছাবিৰ আহমেদে বেতেৰে বেয়াকৈ প্ৰহাৰ কৰে৷
ফলত ছাত্ৰজনৰ দেহৰ বিভিন্ন ঠাইত আঘাতৰ চিন স্পষ্ট হৈ পৰে৷ শিক্ষকৰ প্ৰহাৰত গুৰুতৰভাৱে আহত হৈ মূৰ্ছা যায় ছাত্ৰজন।
ছাত্ৰ-ছাত্ৰীৰ মাজত হুৱা-দুৱা লগাত ছাত্ৰজনৰ অভিভাৱক বিদ্যালয়খনত উপস্থিত হয়৷ অভিভাৱক বিদ্যালয়ত উপস্থিত হোৱাত ওলোটাই বিদ্যালয়ৰ শিক্ষক আৰু বিদ্যালয় কৰ্তৃপক্ষই ভাবুকি প্ৰদান কৰে অভিভাৱকক।
ঘটনা সন্দৰ্ভত ছাত্ৰ জনৰ ভাতৃ জয়নুল ইছলামে তিনিজন শিক্ষকৰ বিৰুদ্ধে এজাহাৰ দাখিল কৰে৷