শিক্ষকৰ ঘৰত বিয়া, আমগুৰিত ৫গৰাকী শিক্ষকৰ এগৰাকীহে আহিল বিদ্যালয়লৈ

আমগুৰিঃ ৩-৬ জানুৱাৰীত শিক্ষকসকলে ব্যস্ত হৈ উৎসাহেৰে গুণোৎসৱ পালন কৰিলে৷ ৰাজ্যৰ শিক্ষানুষ্ঠানে তৃতীয় পৰ্যায়ৰ গুণোৎসৱ পালন কৰাৰ মাজত মাথোন দুটা দিন পাৰ হ’ল। গুণোৎসৱ নিয়াৰিকৈ সম্পন্ন কৰি উন্নত ফলাফল প্ৰদৰ্শন কৰাৰ বাবে প্ৰতিখন বিদ্যালয়ে গুণোৎসৱৰ ব্যাপক উৎসাহেৰে পালন কৰে৷ মুখ্যমন্ত্ৰীৰ পৰা মন্ত্ৰীলৈ বিধায়কৰ পৰা আমোলালৈ সকলোৱে কেইটামান দিনৰ বাবে গুণোৎসৱত ব্যস্ত হৈ পৰা দেখা গ’ল৷ তাৰ লগে লগে যেন শিক্ষাক সংস্কাৰ কৰাৰ শ্ল’গান কৰবাত হেৰাই থাকিল৷

কিয়নো ৰাজ্য চৰকাৰে শিক্ষকৰ মাজত কৰ্ম সংস্কৃতি গঢ় দিবলৈ কৰ্মচাৰীসকলক বিভিন্ন ধৰণৰ সা-সুবিধা আগবঢ়োৱাৰ লগতে নতুন বছৰৰ পৰা নতুন কৰ্মসূচীৰ ঘোষণা কৰাৰ সময়তে কৰ্মসংস্কৃতিৰ ফোপোলা স্বৰূপ উদঙাই আহিছে একাংশ শিক্ষকে। শিক্ষকৰ ঘৰত বিয়া খাবলৈ গৈ ছাত্ৰ-ছাত্ৰীক ধংসৰ গৰাহলৈ ঠেলি পঠিয়াইছে বিদ্যালয়ৰ শিক্ষকে। শিৱসাগৰ জিলাৰ আমগুৰি শিক্ষাখণ্ডৰ অন্তৰ্গত কচাৰীলাইন প্ৰাথমিক বিদ্যালয়ৰ শিক্ষকে সোমবাৰে ছাত্ৰ-ছাত্ৰীক পাঠদান কৰিব এৰি বিয়া খাবলৈ যায়৷

শিক্ষাৰ গুণগত মানদণ্ড উন্নত কৰিবলৈ আয়োজন কৰা গুণোৎসৱত এই বিদ্যালয় খনে A-গ্ৰেড পাবলৈ সক্ষম হৈছিল। A-গ্ৰেড পাবলৈ সক্ষম হোৱা এই বিদ্যালয়ৰ শিক্ষকৰ কৰ্মসংস্কৃতিৰ নমুনা দেখি চকু কপালত উঠিছে স্থানীয় ৰাইজৰ। বিদ্যালয় খনত কোনোবা শিক্ষকে যদি পলমকৈ বিদ্যালয় খোলে কোনোবা দিনা আকৌ সহকৰ্মীৰ ঘৰত বিয়া খোৱাৰ অজুহাতত ১০ বজাতেই বিদ্যালয়ৰ পৰা গুছি যায় শিক্ষক। ছয়জনীয়া শিক্ষকৰ এগৰাকী NRCত ব্যস্ত যদিও সোমবাৰে মাত্ৰ এগৰাকীকহে দেখা গ'ল বিদ্যালয়ত।

বাকীসকল সহঃ শিক্ষকৰ ঘৰত বিয়া খাবলৈ গৈছে পাঠদান এৰি৷ গুণোৎসৱত A-গ্ৰেড পাবলৈ সক্ষম হোৱা বিদ্যালয়খনৰ ছাত্ৰ-ছাত্ৰীৰ জ্ঞানৰ নমুনাও কম নহয়। চৰকাৰে চৰকাৰী বিদ্যালয়সমুহৰ গুণগত মান উন্নত কৰিবলৈ বিভিন্ন অভিলাসী আঁচনি হাতত ল'লেও এনে শিক্ষকৰ হাতত কিমান সুৰক্ষিত দেশৰ ভৱিষ্যত। এনে শিক্ষকৰ ওপৰত কি ব্যৱস্থা গ্ৰহণ কৰিব শিক্ষা বিভাগে, সেয়াও এক প্ৰশ্ন। ৰাজ্য চৰকাৰে ব্যক্তিগতখণ্ডৰ বিদ্যালয়ক চৰকাৰী পুঁজি প্ৰদান কৰাৰ বিপৰীতে চৰকাৰী বিদ্যালয়সমূহত গুণোৎসৱ পালন কৰি আহিছে৷ ব্যাপক ঢাক-ঢোল বজাই গুণোৎসৱ পালন কৰিলে চৰকাৰে৷ চৰকাৰী বিদ্যালয়সমূহত শৈক্ষিক মানদণ্ড উন্নীতকৰণন বাবে পালন কৰা গুণোৎসৱ বিদ্যালয়সমূহৰ বাবে একপ্ৰকাৰ ভেকোঁভাওনাতহে পৰিণত হোৱা পৰিলক্ষিত হৈছে৷