বৰমাত সৰ্বপল্লী ৰাধাকৃষ্ণণক স্মৰণৰ ব্যপক প্ৰস্তুতি

নলবাৰীঃ ‘‘পোহৰৰ শিখা এডাল হৈ যিয়ে সমাজ পোহৰাব পাৰে, তেৱেই শিক্ষক৷’’- বিশ্ববিশ্ৰুত দাৰ্শনিক, ৰাজনৈতিক, কুটনৈতিক, লিখক, বাগ্মীপুৰুষ, আদৰ্শৰ বাটকটীয়া পণ্ডিত ড০ সৰ্বপল্লী ৰাধাকৃষ্ণণে শিক্ষকৰ যি সংজ্ঞা দি থৈ গৈছিল, হয়তো এগৰাকী শিক্ষকৰ বাবে সেয়াই উপযুক্ত সংজ্ঞা৷

শিক্ষকে সমাজ পোহৰায়৷ ৰাধাকৃষ্ণনে কৈ যোৱাৰ দৰে শিক্ষক এন্ধাৰ নাশক৷ সেয়ে ৰাধাকৃষ্ণন আৰু শিক্ষকসকলৰ প্ৰতি সশ্ৰদ্ধ সেৱা জনাই ৫ চেপ্তেম্বৰত পালন কৰা হয় শিক্ষক দিৱস৷

মহান পণ্ডিত গৰাকীৰ ১২৯ তম জন্ম জয়ন্তীৰ লগত সংগতি ৰাখি ৫৬ সংখ্যক "শিক্ষক দিৱস" অহা ৫ ছেপ্তেম্বৰ তাৰিখে এদিনীয়া বৰ্ণাঢ্য কাৰ্যক্ৰমণিকাৰে টিহু-বৰমা খণ্ড প্ৰাথমিক শিক্ষা বিষয়াৰ কাৰ্যালয়ৰ উদ্যোগত সমূহ শিক্ষক - শিক্ষয়িত্ৰী আৰু কৰ্মচাৰীৰ লগতে টিহু - বৰমা অঞ্চলৰ অৰাজনৈতিক জাতীয় সন্থা সমূহৰ সহযোগত বৰমাৰ কালজাৰত থকা  বি. কে. ভাণ্ডাৰী মধ্য ইংৰাজী বিদ্যালয় প্ৰাঙ্গণত উদযাপন কৰিব বুলি উদযাপন সমিতিৰ সাধাৰণ সম্পাদক মিন্টু ঠাকুৰীয়াই জনাইছে।

কাৰ্যক্ৰমণিকা অনুসৰি সেইদিনা পুৱা ৭ বজাত সেৱা বাহিনীৰ দ্বাৰা পৰিৱেশ নিকাকৰণ, পুৱা ৯ বজাত পতাকা উত্তোলন কৰিব ৫৬ সংখ্যক শিক্ষক দিৱস উদযাপন সমিতিৰ সভাপতি তথা টিহু-বৰমা প্ৰাথমিক শিক্ষাখণ্ডৰ খণ্ড বিষয়া মিলন দাসে। পুৱা ৯.৩০ বজাত ড০ সৰ্বপল্লী ৰাধাকৃষ্ণণৰ প্ৰতিকৃতিত বন্তি প্ৰজ্বলন কৰিব ৫৬ সংখ্যক শিক্ষক দিৱস উদযাপন সমিতিৰ কাৰ্যকৰী সভাপতি গোবিন্দ বড়োই আৰু মাল্যাৰ্পকদ্বয় হিচাপে থাকিব ৰাষ্ট্ৰীয় বঁটাপ্ৰাপ্ত কৃতী শিক্ষক কৰুণা কান্ত তালুকদাৰ আৰু ৰাজ্যিক বঁটাপ্ৰাপ্ত কৃতী শিক্ষক ক্ষুদ্ৰীন্দ্ৰ ৰাভাই৷

পুৱা ১০ বজাত বৃক্ষৰোপন কৰিব বি. কে. ভাণ্ডাৰী মধ্য ইংৰাজী বিদ্যালয়ৰ প্ৰধান শিক্ষক বসন্ত বৰ্মনে। পুৱা ১০-৩০ বজাত বৰমা আৰু টিহু অঞ্চলৰ বিদ্যালয়ৰ ছাত্ৰ-ছাত্ৰী সকলক লৈ এক শোভাযাত্ৰা উলিয়াব। শোভাযাত্ৰা উদ্বোধন কৰিব বৰমা বিধান সভা সমষ্টিৰ বিধায়ক মনেশ্বৰ ব্ৰহ্মই। দিনৰ ১২-৩০ বজাত অৱসৰপ্ৰাপ্ত শিক্ষক-শিক্ষয়িত্ৰী সকলক সম্বর্ধনা অনুষ্ঠান।

বিয়লি ১-৩০ বজাত মুকলি সভাখন উদ্বোধন কৰিব বড়োলেণ্ড টেৰিটৰিয়েল কাউন্সিলৰ কাৰ্যবাহী সদস্য অন্সুমৈ খুংগুৰ বড়োই। স্মৃতিগ্ৰন্থ উন্মোচন কৰিব বাক্সা জিলাৰ উপায়ুক্ত সঞ্জীৱ কুমাৰ গগৈয়ে। মুখ্য অতিথি হিচাপে অংশগ্ৰহণ কৰিব বড়োলেণ্ড টেৰিটৰিয়েল কাউন্সিলৰ উপ-মুখ্য কাৰ্যবাহী সদস্য খাম্ফা বৰগয়াৰীয়ে।

নিৰ্দিষ্ট বক্তা হিচাপে অংশগ্ৰহণ কৰিব ক্ৰমে সক্ৰিয় ৰাজহুৱা কৰ্মী তথা গুৱাহাটীৰ কটন মহাবিদ্যালয়ৰ প্ৰাক্তন উপাধ্যক্ষ দেবেন দত্ত আৰু প্ৰতিদিন টাইমৰ মুখ্য সম্পাদক নিতুমণি শইকীয়াই।

টিহু-বৰমা খণ্ড প্ৰাথমিক শিক্ষা বিষয়া তথা ৫৬ সংখ্যক শিক্ষক দিৱস উদযাপন সমিতিৰ সভাপতি মিলন দাসে সঞ্চালনা কৰা মুকলি সভাৰ বিশিষ্ট অতিথি হিচাপে ক্ৰমে পাটাছাৰকুছি বিধান সভা সমষ্টিৰ বিধায়ক পবিত্র ডেকা, বড়োলেণ্ড টেৰিটৰিয়েল কাউন্সিলৰ শিক্ষা সঞ্চালক ৰবিশংকৰ বৰগয়াৰী, গুৱাহাটী বিশ্ববিদ্যালয়ৰ শিক্ষা বিভাগৰ জ্যেষ্ঠ অধ্যাপক ড০ জগত চন্দ্ৰ স্বৰ্গীয়াৰী, গুৱাহাটী কটন মহাবিদ্যালয়ৰ অধ্যাপক ড০ নাৰায়ণ চন্দ্ৰ তালুকদাৰ, জনপ্ৰিয় ধাৰাবাহিক ‘বৰলা কাই’ত অভিনয় কৰা বিশিষ্ট অভিনেতা (হেডমাষ্টৰ) জুলেন ভূঞা, বিশিষ্ট অভিনেত্ৰী (প্ৰেমলতা) পল্লবী ফুকন আৰু বড়োলেণ্ড টেৰিটৰিয়েল কাউন্সিলৰ পৰিষদীয় সদস্য ফলিন্দ্ৰ বসুমতাৰী উপস্থিত থাকিব ।

সভাত সকলো ৰাইজৰ উপস্থিত কামনা কৰিছে ৫৬ সংখ্যক শিক্ষক দিৱস উদযাপন সমিতিৰ সাধাৰণ সম্পাদকদ্বয় মিন্টু ঠাকুৰীয়া আৰু ব্ৰজেন বৰ্মনে।