হায় মানৱতা! যন্ত্ৰণাকাতৰ যুৱকৰ চেলফিহে ল’লে পথচাৰীয়ে

ডিজিটেল ডেস্কঃ যান্ত্ৰিক জীৱনে মানুহৰপৰা মানুহ হোৱাৰ স্বকীয়তাখিনি নাইকিয়া কৰিছে। প্ৰযুক্তিৰ পয়োভৰে মানুহৰ জীৱন উজু কৰিছে থিকেই, কিন্তু মানৱীয়তাৰ কৰ্ষণ ক’ৰবাত লেহেমীয়া কিম্বা স্থবিৰ হৈ পৰিছে।

তেনেই ঘটনা ঘটিল পুনেৰ ৰাজপথত। দুৰ্ঘটনাগ্ৰস্ত সতীষ প্ৰভাংকৰ নামৰ যুৱকজন ৰাস্তাত দুৰ্ঘটনাগ্ৰস্ত হৈ পৰি আছিল। সিদিনা আছিল বুধবাৰে আবেলি। পথচাৰীয়ে প্ৰত্যক্ষ কৰিছিল তেজেৰে লুতুৰী-পুতুৰী প্ৰভাংকৰক। ছটফটাই আছিল প্ৰভাংকৰ।

কিন্তু কোনো আগবাঢ়ি অহা নাছিল। সেই একেই তাগিদা-অমানৱীয় জীৱনৰ। তাৰ পৰিৱৰ্তে দৃষ্টিকটুভাৱে প্ৰায়বোৰেই ব্যস্ত আছিল চেলফি আছিল লোৱাত। 

পেছাত অভিযন্তা ২৫ বৰ্ষীয় প্ৰভাংকৰক পিছত এজন ডাক্তৰে দেখে। ডাক্তৰ কাৰ্তিক ৰাজে ততালিকে তেওঁক ভৰ্তি কৰে নিকটৱৰ্তী এখন হস্পিতালত। কিন্তু তাতেই মৃত্যু ঘটে প্ৰভাংকৰৰ