
তেজপুৰঃ তেজপুৰৰ মিলনপুৰ-ডিপোটাত বৃহস্পতিবাৰ লাডেন নামৰ বনৰীয়া হাতীৰ উপদ্ৰৱ। শোণিতপুৰৰ তেজপুৰ ৰাজহ চক্ৰৰ এলেকাত অব্যাহত আছে লাডেন নামৰ বনৰীয়া হাতীৰ উপদ্ৰৱ৷
পুনৰ গঞাৰ বাসগৃহ ভাঙি তহিলং কৰিলে হাতীটোৱে৷ কথমপি প্ৰাণ ৰক্ষা পৰে পৰিয়ালৰ সদস্যসকলৰ৷ বুঢ়াচাপৰি বনাঞ্চল আৰু নামেৰী ৰাষ্ট্ৰীয় উদ্যানৰ জাকৰপৰা ওলাই অহা লাডেন নামৰ এটা বনৰীয়া হাতীয়ে আজি পুৱতী নিশা গাওঁখনৰ ৫ জনকৈ লোকৰ ঘৰ ভাঙি লণ্ডভণ্ড কৰাৰ লগতে খাদ্য শস্য খাই ঘৰৰ বয় বস্তু ভাঙি চূৰ্ণ-বিচূৰ্ণ কৰে৷
হাতীৰ অতৰ্কিত আক্ৰমনৰপৰা কোনো মতে প্ৰাণ লৈ পলাবলৈ সক্ষম হয় পৰিয়ালৰ সদস্যসকল৷ উল্লখ্য যে, চলিত বৰ্ষত উক্ত গাওঁখনত এইটো ৮ নম্বৰ হাতীৰ উপদ্ৰৱৰ ঘটনা যদিও আজি পৰ্যন্ত প্ৰশাসন, বন বিভাগ, অথবা স্থানীয় বিধায়ক সকলো সম্পূৰ্ণ ৰূপে নিমাত হৈ ৰোৱাত গঞা ৰাইজে ক্ষোভ ব্যক্ত কৰিছে৷