ভুলতেও নকব EVM টেম্পাৰিং হোৱা বুলি, জেলত থাকিব লাগিব ৬ মাহ

ডিজিটেল ডেস্কঃ ইউপিএৰ শাসন কালত তেতিয়াৰ বিৰোধী বিজেপিয়ে সময়ে সময়ে EVM টেম্পাৰিং কৰি কংগ্ৰেছে নিৰ্বাচনত জয়ী হোৱাৰ অভিযোগ উত্থাপন কৰিছিল৷ ২০১৪ চনত শাসনত বহাৰ পিছত এইবাৰ EVM টেম্পাৰিং কৰাৰ অভিযোগ উত্থাপন হৈ আহিছে বিজেপিৰ বিৰুদ্ধে৷ এই অভিযোগ বাৰে বাৰে উত্থাপন হৈ থকাৰ সময়তে কৰ্ণাটক ৰাজ্যিক নিৰ্বাচন আয়োগে এক আচৰিত ঘোষণা কৰে৷ 

কৰ্ণাটক নিৰ্বাচন আয়োগে EVM টেম্পাৰিং সন্দৰ্ভত প্ৰশ্ন উত্থাপন কৰা লোকগৰাকীয়ে প্ৰমাণ দাখিল কৰিব লাগিব বুলি কৈ অন্যথাই তাৰ বিৰুদ্ধে ব্যৱস্থা লোৱাৰ কথা ঘোষণা কৰে৷ প্ৰমাণ দিব নোৱাৰিলে ৬ মাহ পৰ্যন্ত জেলৰ ভাত খাব লগা হ’ব পাৰে৷ কৰ্ণাটক ৰাজ্যিক নিৰ্বাচন আয়োগৰ অধ্যক্ষ সঞ্জীৱ কুমাৰে এই কথা স্পষ্ট কৰে৷

কুমাৰে দাবী কৰি কয়, EVM আৰু VVPTৰ টেম্পাৰিং কোনোৱে কৰিব নোৱাৰে। মিডিয়াত এনেই বিষয়টো ডাঙৰ হয়। যদি কোনো সংবাদ প্ৰতিষ্ঠান নতুবা সংস্থাই ভুল বাতৰি প্ৰকাশ কৰে তাৰ বিৰুদ্ধে মানহানি গোচৰ তৰা হ’ব বুলি কয়। একাংশ লোকে সংবাদ মাধ্যম যোগে গুজৰাট নিৰ্বাচনত বিজেপিক জিকাবলৈ EVMত টেম্পাৰিং কৰা বুলি অভিযোগ উত্থাপন কৰিছিল৷ ২০১৪ চনৰ লোক সভা নিৰ্বাচনতো EVM টেম্পাৰিং হোৱা বুলি অভিযোগ উত্থাপন হৈ আহিছে৷ 

কৰ্ণাটক বিধান সভা নিৰ্বাচনৰ বাবে মাজত মাথো কেইটামান মাহ৷ ইতিমধ্যে কংগ্ৰেছ, বিজেপিয়ে তীব্ৰ প্ৰচাৰ আৰম্ভ কৰিছে৷ গুজৰাটত বিজেপিক জিকাবলৈ EVM টেম্পাৰিং কৰা বুলি অভিযোগ উত্থাপন কৰাৰ সময়তে এই অভিযোগক ভুল বুলি কৈ কৰ্ণাটক ৰাজ্যিক নিৰ্বাচন আয়োগে এখন ৰাজ্যৰ EVM আন এখন ৰাজ্যলৈ নিয়াটো সাধাৰণ কথা বুলি কয়। পঞ্জাৱৰ EVM গুজৰাটৰ নিৰ্বাচনত ব্যৱহাৰ কৰা হৈছিল বুলিও কয় মুখ্য নিৰ্বাচনী আয়ুক্তগৰাকীয়ে।

শেহতীয়াকৈ উচ্চতম ন্যায়ালয়ে সকলো EVMৰ সৈতে VVPT সংযোগ কৰাৰ নিৰ্দেশ দিয়ে। কৰ্ণাটক বিধানসভাৰ বাবে ৭৩,৮৫০টা VVPTৰ প্ৰয়োজন হ’ব। ২২৮টা সমষ্টিৰ কৰ্ণাটক বিধানসভাৰ আগন্তুক নিৰ্বাচন এপ্ৰিলত অনুষ্ঠিত হ’ব। কৰ্ণাটক বিধানসভা দখলৰ বাবে বিভিন্ন দলেই নিজৰ নিজৰ কুজকাৱাজ আৰম্ভ কৰিছে।