তেজৰ ফাকু খেলিবলৈ পাকিস্তানৰ পৰা আহিছিল ফজল, ৰক্ষা পৰিল দেশৰ কেইবাখনো চহৰ

প্ৰতিকী ফটো,উৎস ইন্টাৰনেট
প্ৰতিকী ফটো,উৎস ইন্টাৰনেট

newsnextone.com | ডিজিটেল ডেস্কঃ পশ্চিমবংগৰ আৰক্ষীৰ তথ্যৰ ভিত্তিত মুম্বাই আৰক্ষীয়ে অভিযান চলাই পাকিস্তানৰ সৈতে সংযোগ ৰক্ষা কৰি চলা লস্কৰ-ই-তৈবাৰ সদস্যক গ্ৰেপ্তাৰ কৰিবলৈ সক্ষম হয়৷ ভাৰতত নিৰপৰাধী লোকক হত্যা কৰাৰ উদ্দেশ্য প্ৰৱেশ কৰাৰ বুলি আৰক্ষীয়ে তথ্য লাভ কৰে৷

১১ মে’ত মুম্বাইৰ জুহুৰ চহৰতলিৰ পৰা ৩২ বছৰীয়া ফজল হাছান নামৰ লস্কৰ-ই-তৈবাৰ সদস্যক গ্ৰেপ্তাৰ কৰিবলৈ সক্ষম হয়৷ এই তথ্য দিছিল পশ্চিমবংগ আৰক্ষীয়ে৷ পশ্চিমবংগ আৰক্ষী আৰু মুম্বাই আৰক্ষীয়ে যৌথ অভিযান চলাইছিল৷ 

ফজল হাছানে চাৰশ্বাহৰ পৰা ডুবাই আৰু তাৰ পিছত লস্কৰৰ প্ৰশিক্ষণ লবলৈ পাকিস্তানলৈ গৈছিল৷ কৰাচীত বিস্ফোৰক ব্যৱহাৰ, অস্ত্ৰ নিয়ন্ত্ৰণ, আত্মাঘাটী আক্ৰমণৰ প্ৰশিক্ষণ লয়৷ ২৬/১১ৰ মুম্বাই কাণ্ডৰ অন্যতম ষড়যন্ত্ৰকাৰী এগৰাকীয়ে তেওঁক ভাৰতলৈ পঠাইছিল বুলি আৰক্ষী সুত্ৰে প্ৰকাশ৷ দেশৰ কেইবাখনো চহৰত বিস্ফোৰণ সংঘটিত কৰাৰ পৰিকল্পনা কৰিছিল বুলি প্ৰকাশ৷