কাশ্মীৰত আৰক্ষী বিষয়াক গুলীয়াই হত্যা

ডিজিটেল ডেস্কঃ অশান্ত জৰ্জৰ কাশ্মীৰত সন্ত্ৰাসবাদীয়ে এগৰাকী আৰক্ষী বিষয়াক নিজ ঘৰতে গুলীয়াই হত্যা কৰে৷ আৰক্ষী বিষয়াক গুলীয়াই হত্যা কৰা ঘটনাই চাঞ্চল্যৰ সৃষ্টি কৰিছে কাশ্মীৰত৷ বুধবাৰে কাশ্মীৰৰ পুলয়ামাত নিজ ঘৰতে সন্ত্ৰাসবাদীয়ে আক্ৰমণ কৰে আৰক্ষী বিষয়াগৰাকীক৷

হালমি গুজ্জৰ নামৰ বিশেষ আৰক্ষী বিষয়া গৰাকীৰ ঘৰ আছিল পুলয়ামাত৷ বুধবাৰে তেও ঘৰত থকাৰ সময়তে অতৰ্কিতে আক্ৰমণ চলাই সন্ত্ৰাসবাদীয়ে৷ বিষয়াগৰাকীৰ দেহত কেইবাটাও গুলী লগাত পৰিয়ালে ততাতৈয়াকৈ চিকিৎসালয়লৈ নিয়ে যদিও মৃত্যুক আকোৱালি লয়৷

ঘটনা সংঘটিত হোৱাৰ পিছতে কাশ্মীৰ আৰক্ষীয়ে তীব্ৰ অভিযান আৰম্ভ কৰিছে৷ কিছুদিনৰ ভিতৰতে কাশ্মীৰত দুগৰাকী আৰক্ষীৰ লোক সন্ত্ৰাসবাদীৰ হাতত নিহত হয়৷ ১৫ জুনত সন্ত্ৰাবাদীয়ে হত্যা কৰিছিল চাবিৰ আহমেদ দৰ নামৰ আন এগৰাকী বিষয়াক৷