
মোৰাঝাৰঃ শিক্ষকক প্ৰত্যকগৰাকীয়ে লোকে জীৱনৰ শ্ৰেষ্ঠ গুৰু বুলি ভাবে। জীৱনত শিক্ষাৰ মূল শিপাডাল আৰম্ভ হয় শিক্ষাগুৰুৰ পৰাই। শিক্ষাগুৰু বুলিলেই যেন সন্মানত আপোনা আপোনি শিৰনত হয় সকলোৰে।সকলোকে উচ্চ নীচ, ধৰ্মত বিভেদ সৃষ্টি নকৰিবলৈ শিকায় শিক্ষক সকলে।
কিন্তু বৰ্তমান সময়ত একাংশ শিক্ষকৰ বাবে যেন কলুষিত হৈছে শিক্ষকসকল।আজি কিমানে মানি চলে শিক্ষকৰ নীতি।এই প্ৰশ্ন উত্থাপিত হৈ তকাৰ সময়তে এইবাৰ শিক্ষকতাৰ দৰে বৃত্তিত চেকা লগালে হোজাইৰ এজন টেট শিক্ষকে। তেও হৈছে শিক্ষক অনুপ দাস।
যি সময়ত ছচিয়েল মিডিয়াৰ দ্বাৰা বহু লোকে জনমত গঠন কৰাৰ বাবে ব্যৱহাৰ কৰাৰ লগতে বহু ভাল কাম কৰা দেখা যায়। কিন্তু তাৰ মাজতে হোজাইৰ এইগৰাকী শিক্ষকে ছচিয়েল মিডিয়াত এটি বিশেষ ধৰ্মৰ লোকৰ বিৰুদ্ধে সাম্প্ৰদায়িক মন্তব্য প্ৰদান কৰি নীচ মানসিকতাৰ পৰিচয় দিছে। শিক্ষক জনৰ এনে মন্তব্যক লৈ হোজাইত তীব্ৰ প্ৰতিক্ৰিয়াৰ সৃষ্টি হৈছে।
হোজাইৰ তনবিৰুল ইছলাম খান নামৰ লোকজনে অনুপ দাসৰ বিৰুদ্ধে চৌধৰি বজাৰ উপ আৰক্ষী চকীত এখন এজাহাৰ দাখিল কৰে যদিও আৰক্ষীয়ে কোনো গুৰুত্ব আৰোপ নকৰাৰ অভিযোগ উত্থাপিত হৈছে। জিলা প্ৰশাসনক শীঘ্ৰেই ব্যৱস্থা লবলৈ ৰাইজে দাবী জনায়।