বালিপৰাৰ গুডামঘাটত কংগ্ৰেছৰ সভা

♦ নিৰ্দলীয় প্ৰাৰ্থী ৰূপে জয়লাভ কৰা ৱাৰ্ড মেম্বাৰৰ কংগ্ৰেছত যোগদান

তেজপুৰঃ সদ্যঘোষিত পঞ্চায়ত নিৰ্বাচনৰ ৰঙাপৰা বিধানসভা সমষ্টিৰ  তিনিটা পঞ্চায়ত ক্ৰমে ৰঙাজান গাঁও পঞ্চায়ত, চামধৰা পঞ্চায়ত, আৰু শিঙিতলি পঞ্চায়ত কংগ্ৰেছে দখল কৰিবলৈ সক্ষম হয়।

মংগলবাৰে ১৮ মাইলৰ গুদামঘাটত অনুস্থিত কংগ্ৰেছৰ এখন সভাত সমষ্টিটোৰ ৰঙাজান গাঁও পঞ্চায়ত, চামধৰা পঞ্চায়তত আটাইকেইটা পদতে কংগ্ৰেছ দলৰ প্ৰাৰ্থীয়ে জয়লাভ কৰা প্ৰাৰ্থীসকলক দলে সম্বৰ্ধনা জনায়।

উক্ত সভাতে ৰঙাজান পঞ্চায়তত নিৰ্দলীয় ৰূপে প্ৰতিদ্বন্দ্বিতা কৰি জয়লাভ কৰা ৱাৰ্ড মেম্বাৰ কৃষ্ণ মুণ্ডাই কেইবাজনো সতীৰ্থসহ আনুষ্ঠানিকভাৱে কংগ্ৰেছ দলত যোগদান কৰে। উক্তসভাত কংগ্ৰেছৰ কেইবাগৰাকী দলীয় নেতা উপস্থিত আছিল।