
তেজপুৰঃ নাগৰিকত্ব (সংশোধনী) বিধেয়ক ২০১৬ বাতিলৰ দাবীত আছুকে ধৰি ১০ জাতীয় সংগঠনে শনিবাৰে শোনিতপুৰ জিলা সদৰ তেজপুৰত সকীয়নি বিক্ষোভ কাৰ্যসূচী ৰূপায়ণ কৰে ৷
সদৌ তিৱা ছাত্ৰ সন্থা, কাৰ্বি ছাত্ৰ সন্থা, আদিবাসী ছাত্ৰ সন্থা, গোৰ্খা ছাত্ৰ সন্থাকে ধৰি কেইবাটাও জাতীয় সংগঠনে সকীয়নি বিক্ষোভত অংশগ্ৰহণ কৰি জাতিধ্বংসী বিধেয়কখন বাতিলৰ জোৰদাৰ দাবী তোলে।
শোনিতপুৰ জিলা ছাত্ৰ সন্থাৰ নেতৃত্বত পালন কৰা কাৰ্যসূচীত জিলাখনৰ বহুকেইটা ছাত্ৰ সংগঠনৰ বিষয়ববীয়া উপস্থিত থাকে।