
তেজপুৰঃ ৰাজ্যৰ আগশাৰীৰ নাট্যকাৰ, নাট্য সম্ৰাট প্ৰফুল্ল বৰাক সোমবাৰে তেজপুৰবাসীয়ে স্মৰণ কৰে৷ বিশিষ্ট নাট্যকাৰ প্ৰফুল্ল বৰাৰ সোমবাৰে মৃত্যুতিথি। ৰাজ্যৰ বিভিন্ন স্থানৰ লগতে উত্তৰ পশ্চিম তেজপুৰ সাহিত্য সভাই মিলনবাকৰি ৰাস মন্দিৰৰ চৌহদত বিশিষ্ট নাট্যকাৰ প্ৰফুল্ল বৰাৰ মৃত্যু বাৰ্ষিকী পালন কৰে৷
শোণিতপুৰ জিলা সাহিত্য সভাৰ কোষাধ্যক্ষ অপুৰ্ব বই শুভাৰম্ভ কৰা অনুষ্ঠানত উত্তৰ পশ্চিম তেজপুৰ সাহিত্য সভাৰ সভাপতি অৰুন বৰা, মিলনবাকৰি ৰাস মহোৎসৱৰ সভাপতি গোলাপ বৰুৱা আৰু সমাজকৰ্মী টুনু কটকীয়ে নাট্য সম্ৰাট প্ৰয়াত প্ৰফুল্ল বৰাৰ স্মৃতি ৰোমন্থণ কৰে ।