তেজপুৰ মণ্ডল কানানগোৰ অসহযোগ আন্দোলন অব্যাহত

newsnextone.comতেজপুৰঃ সদৌ অসম মণ্ডল-কানানগো সন্মিলনীয়ে তেওঁলোকৰ ওঠৰ দফীয়া দাবী পূৰণৰ বাবে যোৱা ৩ অক্টোবৰৰ পৰা পুনৰ চাৰিদিনীয়া কাৰ্যসূচীৰে সমগ্ৰ ৰাজ্যখনৰ ৰাজহ চক্ৰ বিষয়াৰ কাৰ্যালয় সমূহত অসহযোগ কাৰ্যসূচী ৰূপায়ন কৰে৷ শোণিতপুৰ জিলাৰ সদৰ তেজপুৰ ৰাজহ চক্ৰ বিষয়াৰ কাৰ্যালয়তো ৩অক্টেবৰৰ পৰা মণ্ডল-কানানগো সকলে অসহযোগ কাৰ্যসূচী ৰূপায়ন কৰে৷

উল্লেযোগ্য যে সদৌ অসম  মণ্ডল কাননগো সন্মিলনীয়ে যুক্তিসংগত ভাৱে দীৰ্ঘদিন ধৰি বিভিন্ন দাবী পূৰণৰ বাবে চৰকাৰক দাবী জনাই আহিছিল যদিও চৰকাৰে তেওঁলোকক গুৰুত্ব প্ৰদান নকৰাত সন্মিলনীয়ে প্ৰথম পৰ্যায়ত যোৱা ২৪, ২৫ আৰু ২৬ ছেপ্তেম্বৰ আৰু দ্বিতীয়  পৰ্যায়ত ৩,৪,৫ আৰু ৬ অক্টোবৰত অসহযোগ কাৰ্যসূচী অসহযোগ কাৰ্যসূচী ৰূপায়ন কৰে৷

 মণ্ডল কানানগো দাবী কৰি কয় যে,ৰাজ্যখনৰ যিবোৰ জিলাত ভূমিৰ পুনৰ বন্দোৱস্তী হোৱা নাই তাত কাম আৰম্ভ কৰা,মণ্ডল কানানগো সকলক কাৰিকৰী কৰ্মচাৰী হিচাপে বিবেচনা কৰা লগতে ভাট্টা প্ৰদান কৰা, সেৱা বিধি, G.P.S GIS, E.T.S, D.P.S, Dharitri প্ৰশিক্ষণ দিয়া, মণ্ডল কানানগো সকলৰ বাবে সংৰক্ষিত ৰেভিনিউ অফিচাৰ পদৰ বাচনি প্ৰক্ৰিয়া শীঘ্ৰে আৰম্ভ কৰিবলৈ আহ্বান জনায়।

ইয়াৰোপৰি মণ্ডল লাট সমূহ পুনৰ গঠন,ৰাজহ পৰিদৰ্শক পদত নিযুক্তি, মণ্ডল বেৰেক নিৰ্মাণ,ৰাজহ চক্ৰৰ পুৰণি গৃহ সমূহ পুনৰ নিৰ্মাণ আৰু আধুনিক আচবাব প্ৰদানকে ধৰি ওঠৰটা দীৰ্ঘদিনীয়া দাবীৰে তিনিদিনীয় অসহযোগ কাৰ্যসূচী গ্ৰহণ কৰিছে। আনহাতে ৰাজহ চক্ৰৰ কাৰ্যালয় সমূহত বহু মণ্ডলৰ পদ এতিয়াও খালী হৈ আছে আৰু সেই খালী পদসমূহ অতি শীঘ্ৰে চৰকাৰক পূৰণ ব্যৱস্থা কৰিবলৈ তেওঁলোকে দাবী কৰে৷

কেৱল এয়েই নহয় তেওঁলোকে অতি আওপুৰনি নথি-পত্ৰৰেই কাম চলাব লগীয়া হৈছে৷ গতিকে এই ক্ষেত্ৰতো চৰকাৰে আধুনিকীকৰণৰ ব্যৱস্থা কৰাৰো প্ৰয়োজনীয়তা আহি পৰিছে বুলি দাবী কৰে আন্দোলনকাৰী মণ্ডল-কাননগো সকলে৷