
তেজপুৰঃ ৰাজ্যৰ বিভিন্ন প্ৰান্তৰ লগতে তেজপুৰতো অসম দিৱস পালন কৰা হয়৷ প্ৰতিটো জাতি-জনগোষ্ঠীক একত্ৰিত কৰি বৰ অসমক গঢ় দিয়াৰ হোতা আহোমৰ প্ৰথম ৰজা ৰাজকুমাৰ চ্যুকাফাক শুকুৰবাৰে ৰাজ্যজুৰি বিভিন্ন দল-সংগঠনে স্মৰণ কৰে৷
বৰ্ণিল আহোম সাম্ৰাজ্যৰ গুৰি ধৰোতা তথা এই সাম্ৰাজ্যৰ প্ৰতিস্থাপক ৰাজকুমাৰ চ্যুকাফা তথা অসম দিৱস ৰাজ্যৰ বিভিন্ন প্ৰান্তৰ লগতে তেজপুৰতো অসম দিৱস পালন কৰা দেখা যায়৷ সাতামপুৰুষীয়া ঐক্য সংস্কৃতিৰ বান্ধোন অটুট ৰাখিবলৈ তথা চ্যুকাফাৰ স্মৃতি সজীৱ কৰিবলৈ এই দিৱস পালন কৰা হয়৷
তেজপুৰৰ চ্যুকাফা ভৱনত পুৱাৰে পৰা অসম দিৱস পালন কৰা হয়। টাই আহোম উন্নয়ণ সমিতিৰ উদ্যোগত অনুষ্ঠিত অসম দিৱসত জিলা উপাযুক্ত মনোজ কুমাৰ ডেকাৰ লগতে সংগঠনৰ বিষয়-ববীয়াৰ উপস্থিতিত অসম দিৱস পালন কৰা হয়।