
তেজপুৰঃ শোণিতপুৰ জিলাত শনিবাৰ নিশা এগৰাকী সংখ্যালঘু নেতাক দুৰ্বৃত্তই হত্যাৰ চেষ্টা কৰাৰ ঘটনাই তীব্ৰ চাঞ্চল্যৰ সৃষ্টি কৰিছে৷ দুৰ্বৃত্তৰ আক্ৰমণত বেয়াকৈ আঘাতপ্ৰাপ্ত শ্বেখ মাইনুল নামৰ সংখ্যালঘু নেতাগৰাকী চিকিৎসাধীন হ’ব লগা হয়৷
জানিব পৰা মতে, তেজপুৰৰ আমছুৰ দোলাবাৰী আঞ্চলিক সমিতিৰ সাধাৰণ সম্পাদক শ্বেখ মাইনুলে শনিবাৰে নিশা কোনো ঠাইৰ পৰা আহি থকা অৱস্থাত তেজপুৰৰ মৰাভৰলী নৈৰ দলঙৰ সমীপত বাইকত অহা দুৰ্বৃত্তৰ দল এটাই আক্ৰমণ চলাই৷ পিছত মাইনুলে চিঞৰ-বাখৰ কৰাত দুৰ্বৃত্তৰ দলটোৱে পলায়ন কৰে৷
দুৰ্বৃত্তৰ দলটোৰ আক্ৰমণত গুৰুতৰ ভাবে আহত মাইনুলক একাংশ লোকে নিশাই চিকিৎসালয়ত ভৰ্তি কৰে৷ আৰক্ষীয়ে ঘটনাৰ তদন্ত অব্যাহত ৰাখিছে যদিও এতিয়ালৈ কোনো লোকক আটক কৰিব পৰা নাই৷