
তেজপুৰঃ জকাইচুকত ভোগালীৰ ব্যস্ততা৷ গাঁৱৰ পথাৰত সাজু ভেলাঘৰ৷ অপায়, অমংগল দূৰ কৰাৰ বাবে পৰম্পৰাগত ভাবে ভোগালী বিহুৰ বাবে সাজু প্ৰতিখন গাঁও৷ পিঠা-পনা, জলপানৰ সামগ্ৰীও সাজু কৰিলে গৃহিনীয়ে৷ এতিয়া ভোগালীৰ ভোগ উৰুকাৰ নিশা এসাঁজ উদৰ পুৰাই লগে-ভাগে খাবৰ বাবে ব্যস্ত অসমীয়া৷ পিছপৰি থকা নাই তেজপুৰৰ বিভিন্ন ঠাই৷
ভোগৰ উৎসৱ ভোগালী বিহুক লৈ ব্যস্ত সকলো৷ অসমৰ গাঁৱৰ পথাৰত সকলো ব্যস্ত ভেলাঘৰত অন্তিম পৰশ দিয়াত৷ নিজ নিজ ঘৰত ব্যস্ত মহিলাসকল৷ এতিয়া যেন কাৰোৰে আহৰি নাই৷ ভোগৰ ভোগজৰাক লৈ পুনৰ অসমীয়াৰ চোতালত বাপতিসাহোন আদৰৰ ভোগালী বিহু৷ চৌদিশে এতিয়া ভোগালীক আদৰিবলৈ চলিছে পূৰ্ণ প্ৰস্তুতি৷ জীয়ৰী-বোৱাৰী, ডেকা-বুঢ়া সকলো যেন ব্যস্ত হৈ পৰিছে আদৰৰ বিহুক আদৰিবলৈ৷
পাকঘৰৰ পৰা পথাৰলৈকে সকলোতে এতিয়া বিদ্যমান ভোগালীৰ ছবি৷ কৃষ্টি আৰু পৰম্পৰাই যেন জীপাল কৰি তুলিছে মানুহৰ মন আৰু পথাৰখনক৷ ৰাজ্যৰ বিভিন্ন ঠাইৰ লগতে তেজপুৰতো বিভিন্ন প্ৰকাৰৰ ভেলাঘৰ সাজু কৰিছে ৰাইজে৷ তেজপুৰতো এতিয়া মহিলা ব্যস্ত আখলত৷ পুৰুষসকলে ভোগালীৰ পিঠা-পনা, জলপান তৈয়াৰ কৰাৰ কাৰণে গৃহিনীক যতনাই দিছে৷
ইফালে, ভোগালীৰ ভোগৰ বাবে উৰুকাত এসাঁজ উদৰ পুৰাই লগে-ভাগে খাবৰ বাবে ব্যস্ত হৈ পৰিছে ধনী-দুখীয়া সকলো পৰিয়াল৷ আনহাতে, গাঁৱৰ জীয়ৰী-বোৱাৰীহঁতে বহু উপলক্ষে ঘৰলৈ আহিবলগীয়া অতিথিসকলক আপ্যায়ণ কৰিবৰ নিমিত্তে পুৰাদ্দমে নামি পৰিছে পিঠা-পনা, জলপান, সান্দহ সাজু কৰাত ব্যস্ত৷ তেজপুৰৰ বিভিন্ন ঠাইত বিভিন্ন আৰ্হিৰ ভেলাঘৰ সাজি উলিয়াইছে ৰাইজে৷ নিৰ্মাণ কৰিছে ভিন্ন প্ৰকাৰৰ ভেলাঘৰ৷