শোণিতপুৰৰ ৰঙাপৰাত অচিনাক্ত পুৰুষৰ মৃতদেহ উদ্ধাৰ

তেজপুৰঃ শোণিতপুৰৰ ৰঙাপৰা আৰক্ষী থানাৰ অন্তৰ্গত ১ নং নামগাঁওস্থিত এটা পৰিত্যক্ত ঘৰৰ ভিতৰত উদ্ধাৰ হয় এটা পুৰুষৰ মৃতদেহ ৷

পিন্ধনত টি ছাৰ্ট আৰু পেন্ট পৰিহিত লোকজনৰ বয়স ৩০ ৰপৰা ৩৫ বছৰ হ'ব বুলি অনুমান কৰা হৈছে ৷

পৰিত্যক্ত ঘৰটোৰপৰা গোন্ধ ওলোৱাত স্থানীয় লোকে ৰঙাপৰা আৰক্ষীক খবৰ দিয়াত আৰক্ষীৰ এটা দল ঘটনাস্থলীত উপস্থিত হৈ দুৱাৰ ভাঙি মৃতদেহটো উদ্ধাৰ কৰে৷ বৰ্তমানলৈকে মৃতদেহটো চিনাক্ত কৰিব পৰা হোৱা নাই।