
তেজপুৰঃ অসমৰ অন্যান্য প্ৰান্তৰ লগতে তেজপুৰতো আয়োজন কৰা দেৱী দুৰ্গাৰ পূজাৰ বাবে ব্যপক উছাহ দেখা পোৱা গৈছে ভক্তপ্ৰাণ ৰাইজৰ মাজত। ৰাইজে দেৱীৰ পূজা আৰু দৰ্শনৰ বাবে পূৱ তেজপুৰ বাৰোৱাৰি দুৰ্গা পূজা আৰু বাৰিকা আাৰু দুগাবাড়ি পূজাস্থলীত ভিৰ কৰা পৰিলক্ষিত হৈছে।
পুৰোহিতৰ মন্ত্ৰধ্বনি ,আয়তীৰ আৰতি ,উৰুলি আৰু জয়ধ্বনিত আৰাধ্যস্থলি মুখৰিত হৈ পৰিছে। বিগত বৰ্ষৰ দৰে এই বৰ্ষতো এক ৰংমেলাৰ আয়োজন কৰিছে উদ্যোক্তাসকলে৷ তেজপুৰ বাৰিকা চুবুৰি দুৰ্গা পূজা সমিতিয়ে কলিকতাৰ পৰা অনা আলোক সজ্জাই বিশেষ আকৰ্ষিত কৰাৰ লগতে পূৱ তেজপুৰ বাৰোৱাৰি পূজা সমিতিৰ অসমীয়া সাজ পৰিহিত প্ৰতিমা চাবলৈ অসংখ্য ভক্তপ্ৰাণ ৰাইজ সমবেত হৈছে।
আনহাতে স্বচ্ছতাৰ ওপৰতো গুৰুত্ব আৰোপ কৰি তেজপুৰৰ দুগাবাড়ি পূজা সমিতিয়ে দহ হাজাৰ পানীৰ বটল আৰু ৫ হাজাৰ বলেৰে সাজি উলিওৱা মণ্ডপ, তোৰণে বিশেষ ভাৱে ৰাইজৰ দৃষ্টি আকৰ্ষণ কৰিবলৈ সক্ষম হৈছে বুলি দুগাবাড়ি পূজা সমিতিয়ে জানিবলৈ দিয়ে৷