
তেজপুৰঃ শোনিতপুৰ জিলাৰ তেজপুৰ বিধান সভা সমষ্টিৰ তথা পৰ্বতীয়া জিলা পৰিষদৰ ভাৰতীয় জাতীয় কংগ্ৰেছৰ মনোনীত আঞ্চলিক সদস্য পদৰ প্ৰাৰ্থী জিতেন শইকীয়াই ভোটাৰৰ ঘৰে ঘৰে গৈ নিৰ্বাচনৰ ৰণডংকা বজোৱা শুভাৰম্ভ কৰে।
সমাগত পঞ্চায়ত নিৰ্বাচন উপলক্ষে কংগ্ৰেছ দলে এইবাৰ তেজপুৰ বিধান সভা সমষ্টি অগপৰ অধীনত থাকিলেও সমষ্টিৰ অন্তৰ্গত সমূহ গাওঁ পঞ্চায়তত সদল-বলে জোৰদাৰ প্ৰচাৰ অভিযান চলাই পঞ্চায়ত গঠনৰ কোচ-কাৱাজ আৰম্ভ কৰিছে।
এইবাৰৰ নিৰ্বাচনত নিৰ্বাচনী বতাহ জিতেন শইকীয়াৰ সপক্ষে বলা পৰিলক্ষিত হয়। নিৰ্বাচনী প্ৰচাৰৰ বাবে ঘৰে ঘৰে যোৱাৰ কালত হোৱা জনসমাগমে ইয়াকে প্ৰমাণ কৰে যে, নিৰ্বাচনী বৈতৰণী পাৰ কৰাৰ বাবে ইতিমধ্যে জিতেন শইকীয়াই জনমত গঠন কৰিবলৈ সক্ষম হৈছে।