তেজপুৰত ২৫ লাখ টকা মূল্যৰ খৈয়াৰ জব্দ, ২ জনক আটক

তেজপুৰঃ পশ্চিম শোনিতপুৰ বন সংমণ্ডল প্ৰাধিকাৰী বিষয়া কাৰ্যালয়ৰ অন্তৰ্গত ডিপোটাৰ ন-আলিৰপৰা মঙলবাৰে নিশা প্ৰায় ২৫ লক্ষাধিক টকা মূল্যৰ পাণত ব্যৱহাৰ কৰা খৈয়ৰ জব্দ কৰে বন বিভাগে।

বন বিভাগৰ চকুত ধুলি দিবলৈ চেষ্টা কৰি ৰাজস্থানৰ পঞ্জীয়নৰ আৰজে ১৯ জিই ৭৬০৬ নম্বৰৰ গাড়ীৰে ২৫ লাখ টকা মূল্যৰ খৈয়ৰ নি থকাৰ সময়তে বন বিভাগে জব্দ কৰে। গাড়ীখনৰ চালক গুজা ৰাম আৰু লক্ষণ ৰাম নামৰ দুজন লোকক আটক কৰা হৈছে।