
newsnextone.com | তেজপুৰঃ মঙলবাৰে তেজপুৰৰ সাংসদ আৰ পি শৰ্মাই তেজপুৰৰ লোকপ্ৰিয় গোপীনাথ বৰদলৈ মানসিক চিকিৎসা প্ৰতিষ্ঠানত এটি তথ্য আৰু প্ৰযুক্তি কেন্দ্ৰ মুকলি কৰে৷
চিকিৎসা প্ৰতিষ্ঠানৰ তথ্য সমূহ সংৰক্ষণ আৰু মানসিক ৰোগ সন্দৰ্ভত বিশ্বৰ অনুষ্ঠানৰ পৰা উপযুক্ত তথ্য সংগ্ৰহ কৰিবৰ বাবে তথ্য আৰু প্ৰযুক্তি কেন্দ্ৰটো স্থাপন কৰা বুলি কয় সাংসদ ৰামে৷
মঙলবাৰে সাংসদ ৰামে ভূমি পূজনৰ জৰিয়তে তথ্য আৰু প্ৰযুক্তি কেন্দ্ৰটো মুকলি কৰি গোলকীয়কৰণ যুগত মানুহৰ সময়ৰ অভাব হৈছে, যাৰ ফলত মানুহে মানসিক ভাৰসাম্য হেৰুৱাই। তাৰ বাবেই অসমত তথা ভাৰতবৰ্ষত অমানৱীয় ঘটনা-পৰিঘটনা সংটিত হয়৷ মানুহৰ যিবোৰ কাৰণত মানসিক ভাৰসাম্য হেৰুৱাই সেই কাৰণবোৰ বিশ্লেষন কৰি আমি আগবাঢ়িলেহে সমাজৰ মংগল হ’ব।
প্ৰতিষ্ঠান খনৰ সঞ্চালক শিশিৰ প্ৰসাদ দেউৰি আৰু অতিৰিক্ত উপায়ুক্ত কুলেন শৰ্মাৰ উপস্থিতিত তথ্য আৰু প্ৰযুক্তি কেন্দ্ৰটো মুকলি কৰি সাংসদ আৰ পি শৰ্মাই আৰু কয় যে মানসিক ভাৰসাম্য হেৰুৱাই বৰ্তমান বহু অভাৱনীয় ঘটনা সংঘটিত হৈ আহিছে। বিজ্ঞান আৰু প্ৰযুক্তিৰ উপযুক্ত প্ৰয়োগেৰে মানসিক ভাৰসাম্য হেৰুওৱা লোকৰ সংখ্যা হ্ৰাস কৰিব পাৰি বুলিও কয় শৰ্মাই।