সামৰণি পৰিল তেজপুৰৰ মিলনবাকৰিৰ ৰাস মহোৎসৱ

তেজপুৰঃ ব্যাপক উলাহ-মালহেৰে অনুষ্ঠিত হোৱা এতিহ্যমণ্ডিত তেজপুৰৰ মিলনবাকৰিৰ ৰাস মহোৎসৱৰ সোমাবাৰে সামৰণি পৰে৷ তেজপুৰৰ পশ্চিম প্ৰান্তৰ প্ৰায় ১২ গাঁৱৰ ৰাইজে যোৱা ৮২ বছৰ ধৰি পালন কৰি আহিছে মিলনবাকৰিৰ ৰাস মহোৎসৱ৷

যোৱা শুকুৰবাৰৰ পৰা অনুষ্ঠিত হোৱা মিলনবাকৰি ৰাস মহোৎসৱ বিপুল জনসমাগমৰে সামৰণি পৰে। মিলনবাকৰি ৰাস মহোৎসৱত হাজাৰ হাজাৰ লোকৰ সমাগমৰে দ্বিত্বীয় বৃন্দাবন সদৃশ হোৱা মণ্ডপত কৃষ্ণ, ৰাধা, গোপী আৰু শংখচুড় ভাৱৰিয়াই সকলোকে আপ্লুত কৰে।