'হেৰি হেৰি' গীত নিষিদ্ধ কৰাৰ দাবী সাংসদ আৰ পি শৰ্মাৰ

তেজপুৰঃ সৰ্বত্ৰে  চৰ্চা লাভ কৰা 'হেৰি হেৰি' শীৰ্ষক গীতটো সন্দৰ্ভত তীব্ৰ প্ৰতিক্ৰিয়া  প্ৰকাশ কৰিছে তেজপুৰৰ সাংসদ ৰাম প্ৰসাদ  শৰ্মাই।

শিৱৰাত্ৰী উপলক্ষে তেজপুৰৰ মহাভৈৰৱ মন্দিৰত পূজা দি সাংবাদিকৰ অাগত সাংসদজনে কয় যে এনে গীতক নিষিদ্ধ কৰা দৰকাৰ। এনে গীত ৰচনা কৰা তথা পৰিচালনা কৰা সকলে অসমীয়া সংস্কৃতি জনা দৰকাৰ বুলিও মন্তব্য কৰে সাংসদজনে।এই ক্ষেত্ৰত তেওঁ সকলোকে সজাগ হ'বলৈকো আহ্বান জনায়।

তেওঁ আৰু কয় যে শিৱ পূজা কৰি শিৱৰ দৰ্শন ল'লে সকলো সমস্যাৰ সমাধান সম্ভৱ। এখন সুৰা মুক্ত ভাল সমাজ গঢ়িবলৈ সকলোৱে শিৱক অাৰাধনা কৰা দৰকাৰ বুলিও পৰস্পৰবিৰোধী মন্তব্য কৰে নেতাজনে।

সুৰা সম্পৰ্কত সাংসদজনে কয় যে সুৰাৰ বিপণীৰ অনুজ্ঞা পত্ৰ বন্ধ কৰা উচিত। সুৰা মুক্ত সমাজ গঢ়িবলৈ ৰাজ্য চৰকাৰক বিশেষ ব্যৱস্থা হাতত ল'বলৈকো তেওঁ আহ্বান জনায়। কৰ ফাকি দিওতা সকলে উচিত শাস্তি পাব লাগে বুলিও মন্তব্য কৰে সাংসদজনে। সৰ্বানন্দ সোণোৱাল চৰকাৰে এই ক্ষেত্ৰত গূৰুত্বপূৰ্ণ ভূমিকা ল'ব বুলিও তেওঁ আশা প্ৰকাশ কৰে।