ফ্ৰেমৱৰ্ক এগ্ৰিমেন্ট ৰাজহুৱা কৰাৰ দাবীত তেজপুৰত আমছুৰ প্ৰতিবাদ

তেজপুৰঃ ভাৰত চৰকাৰ আৰু NSCNৰ মাজত স্বাক্ষৰ কৰা চুক্তি ৰাজহুৱা কৰাৰ লগতে সীমান্তৰ লোকক নিৰাপত্তা সুনিশ্চিত কৰাৰ দাবীত বুধবাৰে আমছুৱে তেজপুৰত প্ৰতিবাদ সাব্যস্ত কৰে৷ আমছুৰ শোণিতপুৰ জিলা সমিতিয়ে আদালত চাৰিআলিত উপায়ুক্তৰ কাৰ্যালয়ৰ সন্মুখত অৱস্থান ধৰ্মঘত কাৰ্যসূচী ৰূৰায়ণ কৰে৷

সংগঠনটোৰ নেতা-কৰ্মীসকলে ফ্ৰেমৱৰ্ক এগ্ৰিমেন্ট ৰাজহুৱা কৰাৰ লগতে অসমৰ মাটি নাগালিমত অন্তৰ্ভুক্ত নকৰাৰ দাবী জনায়৷ কেন্দ্ৰীয় চৰকাৰে সকলোকে অন্ধকাৰত ৰাখি এই চুক্তি সম্পাদনা কৰা বুলি সংগঠনটোৱে চৰকাৰৰ বিৰুদ্ধে অভিযোগ উত্থাপন কৰে৷ ফ্ৰেমৱৰ্ক এগ্ৰিমেন্ট তথা সম্প্ৰতি প্ৰচাৰ মতে তাত অসমৰ স্বাৰ্থৰ কথা জড়িত হৈ পৰিব এয়া স্পষ্ট৷ এই চুক্তিখন সম্পাদন কৰাৰ ক্ষেত্ৰত কেন্দ্ৰীয় চৰকাৰে অসম চৰকাৰক সবিশেষ অৱগত নকৰোৱাৰ লগতে জড়িত নকৰাটো দুৰ্ভাগ্যজনক বুলিও কয় সংগঠনটোৱে৷